Breaking News

২০১৬-২১ বৰ্ষলৈ বিশ্বজুৰি ৪৫৫ সাংবাদিকক হত্যা

 


ডিজিটেল ডেস্ক: ২০১৬-২১ বৰ্ষলৈ বিশ্বজুৰি ৪৫৫ সাংবাদিকক হত্যা..বিগত বৰ্ষত কৰ্তব্যৰত অৱস্থাত ৮৬ জন সাংবাদিক হত্যাৰ বলি হৈছিল ।.ইউনেস্ক'ৰ প্ৰতিবেদন বিগত বৰ্ষত হত্যা ৮৬ সাংবাদিকক..২০১৬-২১ বৰ্ষৰ সামৰণিলৈ বিশ্বজুৰি ৪৫৫ জন সাংবাদিকক দুর্বৃত্তই হত্যা কৰিছিল ইউনেস্ক'ৰ এখন প্ৰতিবেদনত আজি দাবী কৰা অনুসৰি বিশ্বজুৰি বিগত বৰ্ষত প্ৰতি চাৰি দিনৰ ব্যৱধানত এজন সাংবাদিকক হত্যা কৰা হৈছিল । ইউনেস্ক'ৰ সঞ্চালকপ্ৰধান এন্ড্র'এজলে প্রতিবেদনখন দাখিল কৰি কয় যে বিশ্বত এতিয়াও সাংবাদিকতা বিপজ্জনক বৃত্তি হৈ আছে । ২০২১ চনত বিশ্বত সাংবাদিকৰ হত্যাৰ ঘটনা ৫৫ শতাংশ বৃদ্ধি পাইছিল । কেৱল লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত বিগত বৰ্ষত ৪৪ জন সাংবাদিকক হত্যা কৰা হৈছিল । ইয়াৰে ভিতৰত মেক্সিকোেত সর্বাধিক ১৯ , ইউক্রেইনত ১০ আৰু হাইটিত ৯ জনক হত্যা কৰা হৈছিল । ২০১৬ ২০ চনৰ সময়ছোৱাত মেক্সিকোেত ৬১ , আফগানিস্তানত ৫১ , ছিৰিয়াত ৩৪ , য়েমেনত ২৪ , ইৰানত ২৩ , পাকিস্তানত ২৩ আৰু ভাৰতত ২২ জন সাংবাদিক হত্যা কৰা হৈছিল ।

No comments