Breaking News

দেশৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰত নিৰন্তৰ দুৰ্ঘটনা



ডিজিটেল ডেস্ক: দেশৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰত নিৰন্তৰ দুৰ্ঘটনা সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰক্ষাৰ মূল্যায়ন কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ..দেশখনৰ ৰাষ্ট্ৰীয় ঘাই পথবোৰত নিৰন্তৰ দুৰ্ঘটনাৰ কাৰণে চৰকাৰে অহা তিনি মাহৰ ভিতৰত সকলো ঘাইপথৰ সুৰক্ষাৰ মূল্যায়ন ( ৰ'ড ছেয়টি অডিট ) কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ( এন এইচ এ আই ) নির্দেশ দিছে । নিৰ্মাণ কৰি থকা , প্রাক নির্মাণ অৱস্থাত থকা আৰু আনকি আৰ্হি প্ৰস্তুত কৰা পৰ্যায়তে থকা ঘাইপথবোৰকে ধৰি সকলো ঘাইপথৰ সুৰক্ষাৰ মূল্যায়ন কৰিবলৈ কোৱা হৈছে । এন এইচ এ আইৰ প্ৰতিটো আঞ্চলিক কার্যালয়ে আটাইতকৈ বেছি দুর্ঘটনা ঘটা / ব্লেক স্পট থকা কমেও ৫০ কিল'মিটাৰত পাঁচটা অংশ চিনাক্ত কৰিব লাগিব আৰু সেইবোৰ নিৰাপদ পথলৈ ( মডেল ছে'ফৰ'ড ) পৰিণত কৰিব লাগিব । একেদৰে নিৰ্মাণ চলি থকা পথবোৰত দুৰ্ঘটনা - প্ৰতিৰোধী ব্যৱস্থা যেনে উপযুক্ত লাইট , যান - বাহন কোনফালে যাব লাগিব তাৰ চিন , সুৰক্ষামূলক ৰেলিং / বেৰিকেড ,  ব্রিংকাৰ , ইলুমিনেটিং লাইট আদি থকাটো নিশ্চিত কৰিব লাগিব ।দেশখনত সংঘটিত পথ দুৰ্ঘটনাবোৰৰ প্ৰায় ৩১ শতাংশ হয় ৰাষ্ট্ৰীয় ঘাইপথবোৰত আৰু পথ দুৰ্ঘটনাত নিহত লোকৰ ভিতৰত ৩৬ শতাংশ নিহত হয় ৰাষ্ট্ৰীয় ঘাইপথবোৰত ।পৰিপ্ৰেক্ষিতত পথ সুৰক্ষাৰ দিশটোত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে গুরুত্ব দিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথবোৰৰ সুৰক্ষাৰ মূল্যায়ন কৰিবলৈ নির্দেশ দিছে ।

No comments