Breaking News

একেদিনাই দুখন ৰাজ্যত বৃহৎ প্রকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰীৰ


ডিজিটেল ডেস্ক: 
প্রথমে নির্বাচনমুখী কৰ্ণাটকত , তাৰপিছত মহাৰাষ্ট্ৰৰ মুম্বাইত । একেদিনাই দুখনকৈ ৰাজ্যত কেইবাহাজাৰ কোটিটকীয়া প্ৰকল্পৰ উদ্বোধন কৰে প্ৰধানমন্ত্রী মোদীয়ে । আজি প্রথমে কৰ্ণাটকৰ জামগিৰিত ১০,৮০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে  মহাৰাষ্ট্ৰত ৩৮,৮০০ কোটি ভিতৰত আছে জলসিঞ্চন , খোৱাপানীৰ সৈতে জড়িত প্রকল্প আৰু এটা ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্রকল্প । প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মোদীয়ে এখন জনসভাৰ বিৰোধীক তীব্র আক্ৰমণ কৰি কয় যে পূৰ্বৰ চৰকাৰে কেৱল ভোটবেংকৰ ৰাজনীতিহে কৰিলে , কিন্তু আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ উন্নয়ন । কৰ্ণাটকৰ পিছতে পোনে পোনে মুম্বাইত উপস্থিত হৈ প্রধানমন্ত্রী মোদীয়ে ৩৮,৮০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰে । ইয়াৰ উপৰি মুম্বাই মেট্ৰ ' লাইন ২ এ আৰু ৭ ৰ উদ্বোধন কৰে প্ৰধানমন্ত্রী মোদীয়ে । যত অন্ধেৰীৰ পৰা দহিছাৰলৈকে ৩৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ অন্তর্ভুক্ত আছে । এই লাইনসমূহৰ আধাৰশিলা প্রধানমন্ত্রী মোদীয়ে ২০১৫ চনতে স্থাপন কৰিছিল । দুয়োটা লাইলৰ প্ৰকল্পৰ ব্যয় প্রায় ১২,৬০০ কোটি টকা ।ছখন ৰাজ্য ক্ৰমে— গুজৰাট , মহাৰাষ্ট্ৰ , কৰ্ণাটক , তেলেংগানা , অন্ধ্রপ্রদেশ আৰু তামিলনাডুৰ মাজেৰে পাৰ হ’ব ছুৰাট - চেন্নাই এক্সপ্ৰেছৱে । প্ৰধানমন্ত্ৰীগৰাকীয়ে শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ নামত ২০ খন চিকিৎসাকেন্দ্ৰৰো উদ্বোধন কৰে । 

No comments