Breaking News

অর্ণমাই বৰা হত্যা গোচৰত হাইক ৰ্টৰ ৰায়।

 


ডিজিটেল ডেস্ক:এনকাউন্টাৰত আগবঢ়া অসম আৰক্ষীৰ তদন্তৰ গাফিলতিত ৰাজ্য কঁপোৱা অর্ণমাই বৰাৰ ধর্ষণ-হত্যাৰ গোচৰৰ অপৰাধীয়ে ফাঁচীৰ পৰা ৰেহাই পোৱাৰ পিচত সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই  বৃহস্পতিবাৰে   কয় যে উচ্চ ন্যায়ালয়ে  যি ৰায়দান কৰিছে সেয়া চৰকাৰে পৰীক্ষা কৰিব আৰু যদি এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়লৈ আহিব লগা হয় তেন্তে চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব। নিম্ন আদালতে মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়াৰ পিচত উচ্চ ন্যায়ালয়ৰ ৰায়দানত  ইমান কম সময়ৰ কাৰাদণ্ডলৈ কিয় পর্যবসিত হ'ল সেইটো নিশ্চিতভাৱে পৰীক্ষা কৰা হ'ব বুলি তেওঁ কয়। এই সকলো কথা চালিজাৰি চাবলৈ তেওঁ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতিলিপি এটা আনিবলৈ ৰাজ্যখনৰ আইন মন্ত্ৰীক ইতিমধ্যে দায়িত্ব দিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে এই সমগ্র বিষয়টো ন্যায়ালয়ৰ সৈতে জড়িত হৈ থকাৰ ফলত ৰায়দান নেদেখাকৈ  এইক্ষেত্ৰত বিশেষ কোনো মতামত আগবঢ়াব নোৱাৰি বুলি উল্লেখ কৰে।

No comments