Breaking News

যোশীমঠত আৰু ৪৪ টা ঘৰ ফাট মেলা ধৰা পৰিছে।

 


ডিজিটেল ডেস্ক:
উত্তৰাখণ্ডৰ যোশীমঠৰ ভূমি বহি যোৱাৰ ফলত সৃষ্টি হোৱা সংকট আৰু গাঢ় হৈছে। ২৪ ঘণ্টাত যোশীমঠৰ আৰু ৪৪ টা ঘৰত ফাট মেলাটো ধৰা পৰিছে। ইয়াৰ ভিতৰত থকা লোক নিৰ্মাণ বিভাগৰ এটা গেষ্ট হাউছ প্রশাসনে ভাঙি দিয়াৰ ব্যৱস্থা লৈছে। গেষ্ট হাউছটো বৃহস্পতিবাৰে  বুলডজাৰ লগাই ভঙা হয়। এই গেষ্ট হাউছটোতে আছিল ভূমি বহি যোৱাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ অহা বিজ্ঞানীৰ দল। গেষ্ট হাউছটোৰ চৌহদত থকা শ্ৰমিকসকলক যোৱা ১৪ জানুৱাৰীতে স্থানান্তৰ কৰা হৈছিল। এতিয়ালৈকে যোশীমঠৰ ৮২৬ টা অট্টালিকাত ফাট মেলিছে। দেওবাৰে সংশ্লিষ্ট বিভাগে ফাট মেলা   আৰু ১৭ টা ঘৰক বাসৰ  অনুপযোগী বুলি ঘোষণা কৰি সংকেত চিহ্ন দিছিল। ইয়াকে লৈ যোশীমঠৰ ১৬৫ টা ঘৰ-অট্টালিকা বাসৰ অনুপযোগী বুলি সংশ্লিষ্ট বিভাগে ঘোষণা কৰিছে।

No comments