Breaking News

ভাৰতৰ সৈতে কাশ্মীৰক লৈ শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে।



মঙলবাৰে পাকিস্তানৰ চৰকাৰী টিভিৰ দ্বাৰা সম্প্ৰচাৰিত আল আৰবিয়া নিউজ চেনেলৰ সৈতে এক সাক্ষাৎকাৰত শ্বৰীফে কয় যে "ভাৰতীয় নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মোৰ বাৰ্তা ‘ কাশ্মীৰৰ দৰে আমাৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে একেলগে বহি গুৰুত্বপূৰ্ণ আৰু আন্তৰিক আলোচনা কৰোঁ আহক।"

অৱশ্যে, সাক্ষাৎকাৰটো সম্প্ৰচাৰ হোৱাৰ পিছত শ্বৰীফৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত যোগ দিয়া হৈছে যে এনে আলোচনা তেতিয়াহে সম্ভৱ হ'ব যদিহে ভাৰতে কাশ্মীৰৰ অংশত স্বায়ত্তশাসিত মৰ্যাদা পুনৰুদ্ধাৰ কৰে যিটো ২০১৯ চনত প্ৰত্যাহাৰ কৰা হৈছিল। "ভাৰতৰ এই পদক্ষেপ প্ৰত্যাহাৰ অবিহনে, আলোচনা সম্ভৱ নহয়,"।

ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মন্তব্যৰ বাবে কৰা অনুৰোধৰ তৎক্ষণাৎ সঁহাৰি দিয়া নাছিল। নতুন দিল্লীয়ে অতীতত কাশ্মীৰৰ স্থিতিসম্পৰ্কে পাকিস্তানৰ এনে আহ্বানক উপেক্ষা কৰিছিল।

সাক্ষাৎকাৰটোত, শ্বৰীফে কৈছিল যে তেওঁ ইউ.এ.ই. ৰাষ্ট্ৰপতিৰ সৈতে বিষয়টো আগবঢ়াব বিচাৰে। পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে  কয় যে "ইউ.এ.ই. ৰাষ্ট্ৰপতি গৰাকী পাকিস্তানৰ ভাতৃ। ভাৰতৰ সৈতেও তেওঁৰ ভাল সম্পৰ্ক আছে। তেওঁ দুয়োখন দেশক আলোচনাৰ মেজলৈ অনাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে," 

১৯৪৭ চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত দুয়োখন পাৰমাণৱিক শক্তিধৰ দেশ হিচাপে চিহ্নিত হৈছে। ইতিমধ্যে দুয়োখন দেশৰ মাজত তিনিখন যুদ্ধত লিপ্ত হৈছে। দুখন যুদ্ধ কাশ্মীৰৰ ওপৰত হৈছিল, ইয়াৰ কাৰণ হ’ল হিমালয় অঞ্চল, যাক দুয়োখন ৰাষ্ট্ৰই নিজৰ বুলি দাবী কৰি আহিছে । 


No comments