Breaking News

এইবাৰ গঁড়ৰ সন্ত্রাস....গঁড়ৰ খুন্দাত আহত বহুজন ...

 


ডিজিটেল ডেস্ক: এইবাৰ গঁড়ৰ সন্ত্রাস, গঁড়ৰ খুন্দাত আহত বহুজন ...বন্যপ্ৰাণীৰ  আশ্রয়স্থল মানুহে ধ্বংস কৰাৰ পাছত খাদ্য আৰু আশ্ৰয় বিচাৰি অৰণ্যৰ পৰা ওলাই আহিছে জাকে জাকে বন্যপ্রাণী । আশ্ৰয়ৰ সন্ধানত জনাৰণ্যলৈ ওলাই আহিছে গঁড় ।কেইবাজনো লোকক আক্রমণো কৰিছে ।বিগত ৪৮ ঘণ্টাত লখিমপুৰ , মাজুলী আৰু সোণাপুৰকে ধৰি কেইবাঠাইতো গঁড়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে । মানুহ আৰু গাড়ীৰ পিছে পিছে চোঁচা লৈছে গঁড়ে । কেইবাজনো লোক গঁড়ৰ আক্ৰমণত আহতও হৈছে।লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত এইবাৰ দেখা গৈছে গঁড়ৰ মুক্ত বিচৰণ। মুক্তভাৱে বিচৰণ কৰা গড়টোৰ আক্ৰমণত তিনিজন লোক আহত হৈছে ।  , কাজিৰঙাৰ পৰা ওলাই অহা গড়টো মঙলবাৰে পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ আধাখনা অঞ্চলত বিচৰণ কৰি আছে ।  বিশেষকৈ গড় চাবলৈ অহা হাজাৰ হাজাৰ লোকৰ সমাগম , হুলস্থুল দেখি গড়টোৱে যেনি তেনি দৌৰি ফুৰিব লগা হৈছে । ফলত ৩ জন লোকো খঙাল গড়জনীৰ আক্ৰমণত আহত হ’ব লগা হৈছে ।গাভিনী গড়জনীক উক্ত এলেকাৰ পৰা আঁতৰাই পঠাবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পর্যন্ত সফল হ’ব পৰা নাই

No comments