Breaking News

পক্ষী প্ৰেমী ছিপাঝাৰৰ ককাইতোলা বাসীয়ে ভেলাঘৰ প্ৰজ্বলন কৰাৰ পৰা বিৰত থাকিল

  


ডিজিটেল ডেস্ক: 
ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ছিপাঝাৰৰ ককাই তোলাৰ যুৱকসকলে পথাৰত নিৰ্মাণ কৰি উলিয়াইছিল এটা ভেলাঘৰ কিন্তু উৰুকাৰ তিনি দিন পূর্বে এই ভেলাঘৰটোত বাহ ল'লেহি এহাল কপৌ চৰায়ে। কেৱল বাহ লোৱাই নহয়, পোৱালি জগাবৰ বাবে কপৌহালে কণীও পাৰিলে। কপৌ চৰাইহালে বাহ লোৱাৰ পৰিপ্ৰেক্ষিতত ভেলাঘৰটো সংৰক্ষণৰ ব্যৱস্থা কৰি অঞ্চলটোৰ ৰাইজে দাঙি ধৰিছে পক্ষীপ্ৰেমৰ অপূৰ্ব নিদর্শন।   কপৌহালে নিৰাপদে পোৱালি জগাই আঁতৰি নোযোৱা পৰ্যন্ত ভেলাঘৰটো সম্পূর্ণ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ককাইতোলা অঞ্চলৰ ৰাইজে।

No comments