Breaking News

ৰাজ্যখনত অপৰাধমূলক গোচৰৰ সংখ্যা হ্ৰাস


 ডিজিটেল ডেস্ক:মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ  নীতি-নির্দেশনা দিয়াৰ ফলত যোৱা  বছৰত ৰাজ্যখনত অপৰাধমূলক গোচৰৰ সংখ্যা হ্ৰাস পোৱাকে ধৰি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আৰক্ষী বহু পৰিমাণে সফল হৈছে।এই সফলতাৰ ছবি দাঙি ধৰিছে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই সোমবাৰে  এখন সংবাদমেলত ২০২২ ৰ অসম আৰক্ষীয়ে অৰ্জন কৰা সফলতা  দিশসমূহ সদৰী কৰে  আৰক্ষী সঞ্চালক প্রধান মহন্তই কয় যে ৰাজ্যত  প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ৰুজু হোৱা গোচৰৰ সংখ্যা পূৰ্বৰ ৩৬৬ টাৰ বিপৰীতে বর্তমান ২০০ টালৈ হ্ৰাস পাইছে। একেদৰে ২০২১ ত থানা পর্যায়ত নিষ্পত্তিহীনভাৱে পৰি থকা গোচৰৰ সংখ্যা ৯৫,৯৯৪ টাৰ বিপৰীতে ২০২২ চনত এই পৰিসংখ্যা ৫৮,৯০৮ টালৈ হ্ৰাস পাইছে। এই পৰিসংখ্যাৰ ভিত্তিত বৰ্তমান তদন্তকাৰী বিষয়াসকলৰ ওপৰত আছে গড়ে ২৫ টাকৈ গোচৰ। ২০২১ বৰ্ষত একো একোজন তদন্তকাৰী বিষয়াৰ ওপৰত গড়ে ৫২ টাকৈ গোচৰ আছিল। অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে লোৱা বিভিন্ন ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত ২০২২ চনত থানাসমূহত ৰুজু হোৱা গোচৰৰ সংখ্যাও হ্রাস পোৱা বুলি তেওঁ কয়  ২০২২ চনত থানাসমূহত ৬৯,৪৩৯ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২১ চনত ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ১,৩৩,২৩৯ টা। ২০২২ চনত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামাৰ হাৰ ৪৮% বৃদ্ধি পাইছে। এই হাৰ 2021 বৰ্ষত আছিল ৩৯%। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যাও ৰাজ্যখনত হ্রাস পাইছে। ২০২২ বৰ্ষত নাৰীৰ বিৰুদ্ধে সংঘটিত ১২,০৩৪ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২১ বৰ্ষত এই পৰিসংখ্যা আছিল ২৯,০৪৬ টা। অসম আৰক্ষীয়ে সমাজ কল্যাণ বিভাগ, স্বেচ্ছাসেবী সংগঠন, শ্রম বিভাগ, স্বাস্থ্য বিভাগৰ সহযোগত লোৱা বিভিন্ন আঁচনিৰ পৰিপ্ৰেক্ষিতত নাৰী সংক্রান্তীয় এনে গোচৰৰ সংখ্যা হ্ৰাস পোৱা বুলি মহন্তই  বক্ত্য  কৰে   শিশু সংক্রান্তীয় গোচৰৰ সংখ্যাও ২০২১ বৰ্ষত ৫,২৮২ টাৰ বিপৰীতে ২০২২ বৰ্ষত ৪,৩০৬ টালৈ হ্রাস পাইছে। অবৈধ মানৱ সৰবৰাহৰ গোচৰ ২০২১ বৰ্ষত ২০৩ টা কঞ্জু হোৱাৰ বিপৰীতে ২০২২ চনত এনে ৯৬ টা গোচৰ ৰুজু হৈছে। চাইবাৰ অপৰাধ সংক্রান্তীয় গোচৰৰ সংখ্যাও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ৰাজ্যখনত   ২০২১ চনত ৪,৮৪৬ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২২ চনত ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে ১,৭৮১। চি আই ডিৰ চাইবাৰ প্ৰৱঞ্চনা কল চেণ্টাৰে বৰ্তমানলৈ বেংক একাউণ্টৰ পৰা লুট কৰা ৬.৪১ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ কঠোৰ পদক্ষেপৰ বাবে ৰাজ্যত ডকাইতিৰ সংখ্যাও হ্ৰাস পাইছে। ২০২১ চনত ৰাজ্যৰ থানাসমূহত ১৮৮ টা ডকাইতিৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০ চনত এই সংখ্যা ৮৫ টালৈ হ্ৰাস পোৱা বুলি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে উল্লেখ কৰে। অসম আৰক্ষীয়ে এই সময়ছোৱাত প্ৰায় ৬৬ কোটি টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ কথাও তেওঁ সদৰী কৰে। ড্ৰাগছবিৰোধী অভিযানত বিগত বছৰটোত আৰক্ষীয়ে চমকপ্রদ সফলতা লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০২২ চনত আৰক্ষীয়ে ২,৮৭৮ টা ড্ৰাগছ সংক্রান্তীয় গোচৰ ৰুজু কৰিছে। ২০১৮ চনত এই পৰিসংখ্যা আছিল ৪৫৫ টা। বিগত বছৰটোত অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৪,৬৯১ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, ১১২ কিলোগ্রাম হেৰ ইন, ৪৯ হেজাৰ কিলোগ্রাম ভাং, ৫২ লাখটা নিচাযুক্ত টেবলেট, ২১ লাখ বটল নিষিদ্ধ কাহৰ দৰব, ২১৫ কিলোগ্রাম কানি জব্দ কৰাত সফল হৈছে। গৰুৰ চোৰাং ব্যৱসায় ৰোধৰ বাবেও বিগত বছৰটোত আৰক্ষীয়ে যথেষ্ট কঠোৰ পদক্ষেপ লোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে এই সময়ছোৱাত অসম আৰক্ষীয়ে 12.402 টা গোধন উদ্ধাৰ কৰিছে, ৪৩৩ খন গাড়ী জব্দ কৰিছে, ১,৩৫৬ চোৰাং গৰুৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু মুঠ ১,১৮১ টা গোচৰ ৰুজু কৰিছে। বার্মিজ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০২২ বৰ্ষত অসম আৰক্ষীয়ে ১.০৭ লাখ কিলোগ্রাম বার্মিজ চুপাৰি জব্দ কৰিছে আৰু এই সন্দৰ্ভত ১৯৯ টা গোচৰ ৰুজু কৰিছে। যান-বাহন আইন উলংঘা কৰাসকলৰ ওপৰত ২০২২ চনত অসম আৰক্ষীয়ে ৭৪.৫৩ কোটি টকা জৰিমনা আৰোপ কৰা বুলিও আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে সংবাদমেলত সদৰী কৰে। অপৰাধ নিয়ন্ত্ৰণ আৰু অপৰাধমূলক গোচৰৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বিভিন্ন প্রযুক্তি তথা ফৰেনছিক অনুসন্ধানত গুৰুত্ব আৰোপ কৰাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে ভ্ৰাম্যমাণ ফৰেনছিক লেবৰেটৰী স্থাপনৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে গুজৰাটৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান কেশব কুমাৰক অসম চৰকাৰে ফৰেনছিক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰাৰ কথাও তেওঁ সংবাদমেলত ব্যক্ত কৰে। আৰক্ষীৰ নিযুক্তি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে অসম আৰক্ষীত অতিৰিক্ত ৪,৫০০পদত নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে।

No comments