Breaking News

কাজিৰঙাত কেইখনমান বিশেষ বাহন



 ডিজিটেল ডেস্ক...
কাজিৰঙাত কেইখনমান বিশেষ বাহন ।বাহন বুলি নকৈ হাউছ অন হুইলছ বা চলন্ত গৃহ বুলিও ক'ব পাৰি ।  বাহনখনৰ ভিতৰত এটা ঘৰত থাকিবলগীয়া প্রায় সকলো সাধনেই মজুত আছে । কাজিৰঙাৰ বিলাসী বৰগছ ৰিজ টৰ পাৰ্কিওঁত সম্প্রতি ১৮ খনকৈ এনে চলন্ত গৃহসদৃশ বাহন ৰখাই থোৱা আছে । ছুইজাৰলেণ্ডৰ ১৬ জন , জার্মানীৰ ১৪ জন আৰু এজন ৰাছিয়ান নাগৰিকসহ ৩১ জন নাগৰিকৰ এইসমূহ ব্যক্তিগত বাহন । তেওঁলোকৰ লক্ষ্য বাহনসমূহেৰে ৩৬৫ দিনত ৫০,০০০ কিঃমিঃ পৰিভ্ৰমণ কৰাটো । তুৰস্কৰ ইস্তানবুলৰ পৰা আৰম্ভ হোৱা এই যাত্রা শেষ হ’ব অষ্ট্ৰেলিয়াৰ ডাউইনত ।  প্রতিদিনে তেওঁলোকে প্রায় ৪০০ কিঃমিপর্যন্ত পৰিভ্ৰমণ কৰে যদিও কোনো কোনো স্থানত তেওঁলোকে জিৰণি লয় । তেওঁলোকৰ নিজা নিজা বাহনসমূহতে শোৱনি কোঠা , ৰান্ধনিঘৰ , শৌচালয়ৰ ব্যৱস্থা আছে বুলিও জনায় দলপতিগৰাকীয়ে । কাজিৰঙাত দুদিনৰ বাবে বাহৰ পতা এই দলটোত থকা অধিকাংশই উচ্চপদস্থ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ‘ অভিজাত শ্ৰেণীৰ লোক । সহযোগীক লগত লৈ বিশ্বৰ বিভিন্ন প্রান্ত গাড়ীৰে পৰিভ্ৰমণ কৰাটোৱেই তেওঁলোকৰ লক্ষ্য বুলি লোকসকলে জনায় । ইপিনে কাজিৰঙাত উপস্থিত হোৱা দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি দলটোৱে বৰগছ ৰিজ'ৰ্টত আহাৰ গ্ৰহণ কৰিছে যদিও নৈশ যাপন কৰিছে নিজ নিজ বাহনত । তেওঁলোকক আতিথ্য প্ৰদান কৰি সুখী বুলি জনায় বগছ ৰিজ'ৰ্ট কৰ্তৃপক্ষই । 

No comments