Breaking News

স্বামীৰ দৰে বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কো - পাইলট অঞ্জুৱে


ডিজিটেল ডেস্ক..
স্বামীৰ দৰে বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কো - পাইলট অঞ্জুৱে...অন্তিম পৰীক্ষণ সমাপ্ত কৰিব নোৱাৰিলে দুৰ্ভগীয়া খাতিৱাড়াই ..নেপালত দেওবাৰে সংঘটিত বিমান দুর্ঘটনাত এই পর্যন্ত ৭২ গৰাকী যাত্ৰীৰ মৃত্যু নিশ্চিত হৈছে । ৭২ গৰাকী যাত্ৰীআৰু ৪ গৰাকী বিমানকর্মী কঢ়িয়াই লৈ যোৱা এ টি আৰ -৭২ নামৰ এয়াৰলাইনছ বিমানয়ন পোখৰা বিমান বন্দৰত লেণ্ডিঙৰ দহ ছেকেণ্ডৰ পূৰ্বে দুৰ্ঘটনাত পতিত হয় ।  এই বিমানখনৰ সহযোগী পাইলট অঞ্জু খাতিৱাড়াৰ ( ৪৪ ) বাবে এই উৰণেই আছিল অস্তিমটো উৰণ । ১৬ বছৰ পূৰ্বে এটা বিমান দুর্ঘটনাত স্বামীক হেৰুওৱা অঞ্জু খাতিৱাড়াই নিজেও বিমান দুর্ঘটনাতে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল । অঞ্জু খাতিৱাড়াই দেওবাৰে যদি এই বিমানখন লেণ্ডিং কৰিবলৈ সফল হ'লহেঁতেন , তেন্তে এইবাৰ অঞ্জুৱে মুখ্য পাইলটৰ চাৰ্টিফিকেট লাভ কৰিলেহেঁতেন । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসে অঞ্জুৰ সপোন পূৰ্ণ হ’বলৈ নিদিয়াই নহয় , অঞ্জুকো এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰাই নিলে । ২০১০ চনত অঞ্জুৱে স্বামীৰ পদাংক অনুসৰণ কৰিয়ে নেপালৰ য়েটি এয়াৰলাইনছত যোগদান কৰিছিল । এয়াৰলাইনছৰ মুখপাত্র সুদৰ্শন বাটাউলাই অঞ্জুৰ সন্দৰ্ভত কয় যে স্বামীৰ মৃত্যুৰ পিচত লাভ কৰা বীমাৰ ধনেৰে অঞ্জু খাতিৱাড়াই পাইলটৰ প্ৰশিক্ষণ লৈছিল । ৬,৪০০ ঘণ্টাৰো অধিক সময় উৰণৰ অভিজ্ঞতা থকা পাইলট অঞ্জুৱে ইয়াৰ পূৰ্বে ৰাজধানী কাঠমাণ্ডুৰ পৰা দেশৰ দ্বিতীয় বৃহত্তম চহৰ পোখৰালৈ জনপ্রিয় পর্যটন পথটোৰ সহযোগী পাইলট হিচাপে উৰা মাৰিছিল । অঞ্জু খাতিৱাড়াৰ শৰীৰৰ অৱশিষ্ট চিনাক্ত হোৱা নাই যদিও তেওঁৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে মুখপাত্র সুদৰ্শন বাৰটাউলাই । ইতিমধ্যে বিমানখনৰ মুখ্য পাইলট কেপ্টেইন কমল কে চিৰ মৃতদেহ উদ্ধাৰ হৈছে । 

No comments