Breaking News

জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদৰ ২২ সংখ্যক মৃত্যু তিথি উপলক্ষে যোৰহাটত অনুষ্ঠিত হয় এক স্মৃতিচাৰণ অনুষ্ঠান ।


ডিজিটেল ডেস্ক:জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদৰ ২২ সংখ্যক মৃত্যু তিথি উপলক্ষে দেওবাৰে যোৰহাটত অনুষ্ঠিত হয় এক স্মৃতিচাৰণ অনুষ্ঠান । সুৰীয়া কণ্ঠৰে আজান পীৰ চাহেবৰ জিকিসমূহক সমগ্ৰ দেশতে জনপ্রিয় কৰি তোলা | জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদৰ ২২ সংখ্যক মৃত্যু তিথি উপলক্ষে দেওবাৰে যোৰহাটত অনুষ্ঠিত হয় এক স্মৃতিচাৰণ অনুষ্ঠান । জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদ মেম'ৰিয়েল ট্ৰাষ্টৰ | উদ্যোগত ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু জিকিৰ শিল্পীৰ উপস্থিতিত যোৰহাটৰ চেণ্ট্ৰেল ক্লাবৰ সভাগৃহত অনুষ্ঠিত হয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা । সভাৰ পূৰ্বে জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদ আৰু তেওঁৰ সহঃশিল্পী কুতুবুদ্দিন আহমেদ আৰু নেকিবুৰ ৰহমানৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট সমাজকর্মী ফণীধৰ ৰাজখোৱাৰ লগতে বিভিন্নজনে । শ্রদ্ধাঞ্জলি অনুষ্ঠানটোত তিনিগৰাকী পুত্ৰ নেকিবুজ জামানৰ লগতে জিকিৰ শিল্পীসকলৰ উপৰি ট্ৰাষ্টৰ সদস্যসকলে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি | শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে ফণীধৰ ৰাজখোৱাই  পৰিচালনা কৰা আৰু নেকিবুজ জামানে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাত জিকিৰ শিল্পীগৰাকীক স্মৰণ কৰি তেওঁ তাহানি জিকিৰৰ কেছেট কেনেকৈ ৰেকৰ্ডিং কৰিছিল , সেই সন্দৰ্ভত বক্তব্য প্রদান কৰে জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কর্মী চিৰাজ হুছেইনে । সমাজকর্মী দীপক ৰফিক আহমেদ , বিশিষ্ট শিক্ষাবিদ ড ° সঞ্জন আলী হাজৰিকা , আজান পীৰ দৰগাহৰ প্রাক্তন সভাপতি আলহাজ হবিবুল্লাহ , কবি লেখিকা আছো বেগম , চিকিৎসক নৰোত্তম সোণোৱাল , জিকিৰ শিল্পী মুকিবুৰ ৰহমানকে প্ৰমুখ্যে বিভিন্নজনে বক্তব্য প্রদান কৰে । আনহাতে একেটা অনুষ্ঠানতে আলহাজ হবিবুল্লাই পৰিচালনা কৰা আৰু নেকিবুজ জামানে উদ্দেশ্য ব্যাখ্যা কৰা আন এখন সভাত অসমৰ বিভিন্ন প্ৰান্তৰ জিকিৰ শিল্পীসকলক সমল ব্যক্তি হিচাপে লৈ সদৌ অসম ভিত্তিত , জিকিৰ সম্রাট , ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী জিকিৰ - জাৰী সংৰক্ষণ আৰু গৱেষণা সমিতি গঠন কৰা হয় । বিশিষ্ট অধ্যাপক তুফেল জিলানীক সভাপতি , মইনুলহক চৌধুৰী ( দেৰগাঁও ) , তৌফিকুল হুছেইন , আছো বেগম ( যোৰহাট ) গুৱাহাটীৰ মীৰ মমতাজ হুছেইন , দেৰগাঁৱৰ আবিদুৰ বহমানক উপ - সভাপতি , শিৱসাগৰৰ ইনামুল হাজৰিকাক সাধাৰণ সম্পাদক , গুৱাহাটীৰ চৈয়দ মারুফ হুছেইন , যোৰহাটৰ নেকিব আহমেদ আৰু দৰঙৰ ৰিজুল হকক সহকাৰী সম্পাদক , নেকিবুজ জামানক কোষাধ্যক্ষ , শিৱসাগৰৰ মুস্তাফিজ আহমেদ , মুক্তাব হুছেইন আৰু গোলাঘাটৰ মুস্তাক হুছেইনক প্ৰচাৰ সম্পাদকৰ দায়িত্ব দি তাসমৰ বিভিন্ন জিলাৰ একাংশ বিশিষ্ট ব্যক্তিক উপদেষ্টা হিচাপে লৈ এখন সবল সমিতি গঠন কৰা হয় । জিকিবৰ শিল্পীসকলৰ দ্বাৰা অসমৰ বিভিন্ন অঞ্চলৰ লগতে অসমৰ বাহিৰতো জিকিৰৰ কৰ্মশালা অনুষ্ঠিত কৰি জিকিৰক বহুল প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব বুলি নৱনিযুক্ত সভাপতি - সম্পাদকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

No comments