Breaking News

ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন ঘোষণা

 


ডিজিটেল ডেস্ক: অসম চৰকাৰৰ উদ্যোগত যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যৰ শিল্পীসকলক প্রতি বছৰৰ দৰে এই  বছৰৰ ১৭ জানুৱাৰীত অনুষ্ঠিত হোৱা‌ শিল্পী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীক ২০২৩ বৰ্ষৰ শিল্পী বঁটা, বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াক ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা, বিশিষ্ট অভিনেতা অৰুণ নাথক ড° ভবেন্দ্র নাথ শ‍ইকীয়া বঁটা, বিশিষ্ট চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক বিজু ফুকন বঁটা, বিশিষ্ট লেখক মিলেশ্বৰ পাতক ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হ'ব বুলি সাংস্কৃতিক মন্ত্রী বিমল বড়াই ঘোষণা কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াই টিংখাঙৰ নিজা বাসভৱনত সোমবাৰে অনুষ্ঠিত কৰা এক সংবাদমেলত এই মন্তব্য  কৰে।  ৰাজ্যখনৰ ৫০গৰাকী শিল্পীক নিয়মীয়া শিল্পী পেঞ্চন আৰু ১৫২গৰাকী শিল্পীক বার্ষিক শিল্পী সন্মান প্রদান কৰা হ'ব বুলি মন্ত্ৰী বড়াই জানিবলৈ দিয়ে। শোণিতপুৰৰ এজনলৈ শিল্পী পেঞ্চন, ১৪জনলৈ এককালীন শিল্পী সাহায্য তেজপুৰৰ বিশেষ প্রতিনিধি শোণিতপুৰ জিলাৰ এগৰাকী প্ৰবীণ ভাওনা শিল্পীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ লগতে আন ১৪জন বিভিন্ন ক্ষেত্ৰৰ শিল্পীয়ে বার্ষিক শিল্পী সন্মান লাভ কৰিছে। জিলাখনৰ তেজপুৰৰ ওচৰৰ বিহগুৰি পিঠাখোৱাৰ ৮৫ বছৰীয়া ভাওনা শিল্পী অৱসৰপ্ৰাপ্ত শিক্ষক জয়চন্দ্ৰ নাথে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে ঘোষিত অসম চৰকাৰৰ পৰা ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চনৰ তালিকাত শোণিতপুৰৰ একমাত্র শিল্পী হিচাপে তালিকাভুক্ত হোৱাত স্থানীয়  ৰাইজ উৎফুল্লিত হৈ পৰিছে।  তেজপুৰৰ চিত্র-ভাস্কর্য শিল্পী মোহিনী হাজৰিকা, চিত্রশিল্পী মৃগেন্দ্ৰ কুমাৰ কলিতা, বায়ন খঞ্জন কলিতা, অভিনেতা নিৰূপ তালুকদাৰ, প্রবীণ চিত্রশিল্পী কাল বৰুৱা, প্ৰবীণ অভিনেত্রী, কণ্ঠশিল্পী তৰুলতা দাস, অভিনেতা মনোজ ভাৱেল, মিলনপুৰ বামুণ চুবুৰিৰ ভাওনা আৰু মুখাশিল্পী কামেশ্বৰ দাস, অভিনেতা তথা বাণ থিয়েটাৰৰ উপ-সভাপতি দিলীপ বৰা, নাট্যকাৰ-পৰিচালক সপোন শ‍ইকীয়া, সত্ৰীয়া আৰু লোকগীতৰ শিল্পী পূৰ্ণকান্ত নাথ, শাস্ত্রীয় সংগীতজ্ঞ সুৰেন শ‍ইকীয়া আৰু জামুগুৰিহাটৰ ভ্ৰাম্যমাণৰ অভিনেতা হিৰু বৰঠাকুৰে বাৰ্ষিক শিল্পী সন্মান লাভ কৰে।

No comments