Breaking News

আকাশীগংগাত ভক্তৰ ভিৰ

 


ডিজিটেল ডেস্ক: 
অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ লিকাবালিৰ পাহাৰত মকৰ সংক্ৰান্তিৰ দিনাৰ পুৱতি নিশাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই লিকাবালিৰ পাহাৰ জলপ্রপাত আকাশীগংগাত স্নান কৰি ভগৱানৰ ওচৰত সেৱা  ল'লে। মহাভাৰতৰ পৌৰাণিক আখ্যান সম্বলিত লিকাবালিৰ পাহাৰত ৰুক্মিণীক হৰণ কৰি অনাৰ সময়ত এই জলপ্ৰপাত সৃষ্টি হৈছিল বুলি লোকবিশ্বাস আছে। মালিনী থানৰ পৰা ৭ কিল'মিটাৰ দূৰত অৱস্থিত এই জলধৰাত প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই সুখ-শান্তি আৰু সমৃদ্ধিৰ  সেৱা  লয় পূজা-অৰ্চনা আগবঢ়াই স্নান কৰে। মালিনী থানত পূজা- অৰ্চনা কৰি সেৱা ল'লে  মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে। বছৰটো কুশল-মংগল আৰু শান্তিৰ মাজেদি পাৰ হৈ আশা পূৰণ হোৱাৰ কামনাৰে  পুৱাৰ ভাগৰে পৰা অগণন ভক্তই ভিৰ কৰে। 

No comments