Breaking News

ভাৰতসহ ১৩ দেশৰ নিজাকৈ সহায় ম্যানমাৰ সেনাক অস্ত্র নির্মাণত সহায় ম্যানমাৰ সেনাক..

 


ডিজিটেল ডেস্ক..
ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সম্পৰ্কীয় প্রাক্তন প্রতিনিধিৰ দাবী... ভাৰতসহ ১৩ দেশৰ নিজাকৈ সহায় ম্যানমাৰ সেনাক  অস্ত্র নির্মাণত সহায় ম্যানমাৰ সেনাক...ম্যানমাৰৰ সামৰিক শাসকে দেশখনৰ শান্তিপ্রিয় নাগৰিকৰ বিৰুদ্ধে যিবোৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেইবোৰৰ যোগান আৰু নিৰ্মাণত সহায় কৰিছে ভাৰত , আমেৰিকা , ফ্রান্স , জাপানকে ধৰি কমেও তেৰখন দেশৰ কোম্পানীয়ে । এই গুৰুত্বপূৰ্ণ দাবী কৰিছে ‘ ম্যানমাৰৰ বিষয়ক বিশেষ | পৰামৰ্শদাতা পৰিষদ'ৰ প্ৰতিবেদনৰ সহলিখক মানৱাধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন বিশেষ প্রতিনিধি য়াংঘি লিয়ে । পশ্চিমীয়া দেশে | ম্যানমাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে যদিও বিভিন্ন দেশে দেশখনৰ সেনাবাহিনীক অস্ত্র - শস্ত্র যোগান ধৰাৰ লগতে অস্ত্র নির্মাণৰ কেঁচামাল , কাৰিকৰী প্রশিক্ষণ তথা যন্ত্রাদি যোগান ধৰি থকাৰ বাবেই এইক্ষেত্ৰত আচল উদ্দেশ্য সফল হোৱা নাই । সেনা শাসনৰ বিৰোধিতা কৰা লোকৰ বিৰুদ্ধে দেশতেই নিৰ্মাণ কৰা অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰসংগ উল্লেখ কৰি লিয়ে কয় যে— চৰকাৰীভাৱে ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিচত প্রায় ২,৬০০ লোক নিহত হোৱা বুলি প্ৰকাশ কৰা হৈছে যদিও প্রকৃত মৃতকৰ সংখ্যা দহগুণতকৈও বেছি ।

No comments