Breaking News

গুৱাহাটীৰ পৰা ইটানগৰলৈ নতুন বিমান সেৱা আৰম্ভ কৰিছে


ডিজিটেল ডেস্ক..গুৱাহাটীৰ পৰা ইটানগৰলৈ নতুন বিমান সেৱা আৰম্ভ... আঞ্চলিক বিমান সেৱা প্ৰদানকাৰী প্রতিষ্ঠান ফ্লাই বিগে উত্তৰ - পূৰ্বাঞ্চলত বিমান সেৱাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে অঞ্চলটোৰ বিভিন্ন চহৰক সেৱাৰ অধীনত সামৰি লোৱাৰ পিচত এই বাৰ গুৱাহাটীৰ পৰা ইটানগৰলৈ নতুন বিমান সেৱা আৰম্ভ কৰিছে প্রতিষ্ঠানটোৱে ।ফ্লাইবিগে ইটানগৰৰ হলঙি বিমান বন্দৰলৈ গুৱাহাটীৰ পৰা বিমান চলাচল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । প্রতিষ্ঠানটোৰ বাবে ইটানগৰ হৈছে দশমসংখ্যক চহৰ ,য'ত বিমান চলাচল আৰম্ভ কৰা হৈছে । অৰুণাচল প্ৰদেশৰ তেজু আৰু পাচিঘাটলৈ ইতিমধ্যে বিমান চলাচল আৰম্ভ কৰাৰ পিচত তৃতীয়খন চহৰ হিচাপে ইটানগৰক সামৰি লৈছে প্রতিষ্ঠানটোৱে । ফ্লাইবিগে ২০২১ চনৰ জানুৱাৰী মাহত এ টি আৰ ৭২-৫০০ আৰু এ টি আর ৭২-৬০০ বিমান দুখনেৰে সেৱা আৰম্ভ কৰিছিল, এতিয়াৰে পৰা বুধবাৰক বাদ দি সপ্তাহৰ প্রতিদিনেই গুৱাহাটী আৰু ইটানগৰৰ মাজত বিমান চলাচল কৰিব বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে ।  

No comments