Breaking News

দেশত ৯৪.৫০ কোটিলৈ বৃদ্ধি হ’ল ভোটাৰ ‘



দেশবাসীক ভাৰতৰ ধৰ্মীয় আৰু অন্যান্য জনগাঁথনি  জানিবলৈ দিয়াৰ পৰা বিৰত কৰি ৰখাৰ গোপন উদ্দেশ্যতে নৰেন্দ্ৰ মোদী চৰকাৰে লোকপিয়লৰ দিন ২০২৩ চনৰ অক্টোবৰলৈ স্থগিত ৰাখিছে । ২০২৪ চনত লোকপিয়ল নহ’লেও দেশত ভোটাৰৰ সংখ্যা যে বাঢ়িছে সেয়া নির্বাচন আয়োগে প্ৰকাশ কৰিবলৈ বাধ্য হৈছে । দেশৰ ৰ নির্বাচন আয়োগে প্রকাশ কৰিছে , ১৯৫১ চনৰ তুলনাত এতিয়া দেশৰ ভোটাৰৰ সংখ্যা ৬ গুণ বৃদ্ধি পাইছে । নির্বাচন আয়োগে জনোৱা অনুসৰি চলিত বছৰৰ ১ জানুৱাৰীত ভাৰতৰ ভোটাৰৰ সংখ্যা হৈছেগৈ ৯৪.৫০ কোটি । সন্দেহ নাই এইটো এটা বৃহৎ সংখ্যা । মূলতঃ এই সংখ্যাৰ প্ৰতি ৰাজনৈতিক দলসমূহ অধিক আকর্ষিত । কিয়নো শাসনৰ গাদীত কোন অধিষ্ঠিত হ’ব সেয়া নির্ণয় কৰিব দেশৰ এই ৯৪.৫০ কোটি ভোটাৰে । ২০২৪ চনৰ এপ্রিল মে’ত হ’বলগীয়া সাধাৰণ নিৰ্বাচনলৈ ভোটাৰৰ সংখ্যা আৰু কেইকোটিমান বৃদ্ধি পাব । কিয়নো বিগত সাধাৰণ নিৰ্বাচনত অর্থাৎ ২০১৯ চনত ভাৰতৰ ভোটাৰৰ সংখ্যা আছিল ৯১.২০ কোটি । সেইবাৰ ৬৭.৪০ শতাংশ ভোটাৰে ভোটদান কৰিছিল । তাৰ পূৰ্বৰ অৰ্থাৎ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতত ভোটাৰৰ সংখ্যা আছিল ৮৩.৪০ কোটি আৰু ভোটদান কৰিছিল ৬৬.৪৪ শতাংশই । ২০০৯ চনত ভাৰতত ভোটাৰৰ সংখ্যা ৭১.৯০ কোটি আৰু ভোটদান কৰিছিল ৫১.২০ শতাংশই ।

No comments