Breaking News

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ ভয় কৰে। এছিয়া কাপ বিতৰ্কক লৈ বিচিচিআইৰ বিৰুদ্ধে তীৰ্যক মন্তব্য জাভেদ মিয়াঁদাদৰ




পাকিস্তান বিশ্ব ক্ৰিকেটত জীয়াই থাকিবলৈ ভাৰতৰ প্ৰয়োজন নাই। "যদি তেওঁলোকে ক্ৰিকেট খেলিবলৈ পাকিস্তানলৈ আহিব নিবিচাৰে তেন্তে ভাৰত নৰকত পতিত হ’ব। 

ক্ৰীড়া সংবাদঃ এছিয়া কাপ ২০২৩ক লৈ ভাৰত আৰু পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মাজৰ উত্তেজনাৰ অব্যাহত আছে। আগন্তুক এছিয়া কাপ পাকিস্তানত অনুষ্ঠিত হ'বলৈ সাজু হৈছে যদিও পাকিস্তানত যদিহে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়  তেন্তে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন টীম ইণ্ডিয়াই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা নাই।
বিচিচিআইৰ সচিব জয় শ্বাহে আগতেই  নিশ্চিত কৰিছিল যে ভাৰতে এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে। সেয়েহ টুৰ্ণামেণ্টখনত অন্য নিৰপেক্ষ স্থানলৈ স্থানান্তৰ কৰিব লাগে। বিচিচিআইৰ সচিবগৰাকীৰ বিবৃতিটোৱে সেইসময়ত পিচিবিৰ অধ্যক্ষ ৰমিজ ৰাজাক বিৰক্ত কৰিছিল আৰু প্ৰত্যুত্তৰত ৰমিজ ৰাজাই কৈছিল যে যদি ইণ্ডিয়া পাকিস্তানলৈ নাহে তেন্তে পাকিস্তানেও ভাৰতত বিশ্বকাপ বৰ্জন কৰিব।
পিচিবিৰ নতুন মুৰব্বী নজম চেঠী ৰমিজ ৰাজাৰ সুৰতেই সুৰ মিলাই কৈছিল যে  যদি ভাৰত এছিয়া কাপৰ বাবে পাকিস্তানলৈ নাহে বা এচিচি বৈঠকত স্থান সলনি কৰা হয় তেন্তে পাকিস্তানে ভাৰতত অনুষ্ঠিত বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা কৰিব।
ভাৰত-পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত চলি থকা এনে উত্তেজনাৰ মাজতে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক জাভেদ মিয়াঁদাদে পাকিস্তানৰ ভ্ৰমণ কৰিবলৈ মান্তি নোহোৱাত বিচিচিআইক তীব্ৰ সমালোচনা কৰে। 
প্ৰাক্তন পাক অধিনায়কগৰাকীয়ে বিচিচিআইৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰি কয় যে, "ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ কিয় ভয় কৰে? তেওঁলোকে জানে যে যদি তেওঁলোকে পাকিস্তানৰ হাতত পৰাজিত হয়, তেন্তে ভাৰতীয়ই তেওঁলোকক এৰি নিদিব,।
মিয়াঁদাদে আৰু কৈছিল যে পাকিস্তান বিশ্ব ক্ৰিকেটত জীয়াই থাকিবলৈ ভাৰতৰ প্ৰয়োজন নাই। "যদি তেওঁলোকে ক্ৰিকেট খেলিবলৈ পাকিস্তানলৈ আহিব নিবিচাৰে তেন্তে ভাৰত নৰকত পতিত হ’ব।  
ইফালে, বিচিচিআই আৰু পিচিবিয়ে এতিয়াও অনুষ্ঠানটোৰ ওপৰত কোনো সিদ্ধান্তত উপনীত হোৱা নাই, দুয়োখন বোৰ্ডে তেওঁলোকৰ স্থিতিত অটল। এছিয়ান ক্ৰিকেট পৰিষদৰ পৰৱৰ্তী বৈঠকত এছিয়া কাপৰ স্থানৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

No comments