Breaking News

উৎকোচ বিচাৰিছে নেকি ? এই ৬ টা নম্বৰত ফোন কৰক আৰক্ষীক ‘





চৰকাৰী কৰ্মচাৰীয়ে কোনো কামৰ বাবে আপোনাক উৎকোচ বিচাৰিছে নেকি ? যদিহে পাৰিব আৰক্ষীক । আপেনাৰ পৰিচয় গোপনে ৰাখি তেনে দুর্নীতিগ্রস্ত বিষয়া - কৰ্মচাৰীক গ্রেপ্তাৰ কৰিব অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ কোনো কমচাৰীয়ে কামৰ বিন্নিয়ত ধন দাবী কৰিছে , তেনেহলে উক্ত দুর্নীতিগ্রস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে নিৰ্ভয়ে অভিযোগ দাখিল কৰিব সঞ্চালকালয়ে । কেৱল সাধাৰণ চৰকাৰী বিভাগ সমূহৰ কৰ্মচাৰীয়েই নহয় , কোনো আৰক্ষীয়েও যদি কিবা কামৰ নামত থানাৰ ধন দাবী কৰে , তেনে আৰক্ষীৰ বিৰুদ্ধেও ভিজিলেন্সক ৰাইজে অভিযোগ দিব পাৰিব ৷ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া - কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে গোপনে অভিযোগ দাখিলৰ বাবে ৬ টাকৈ হেল্প লাইন নম্বৰ মুকলি কৰিছে দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে । ভিজিলেন্সৰ নৱ নিযুক্ত এ ডি জি পি সুৰেন্দ্ৰ কুমাৰ অভিযোগ দাখিল কৰিবলগীয়া ফোন নম্বৰকেইটা ৰাজহুৱা কৰিছে । উক্ত হেল্পলাইন নম্বৰ কেইটা হৈছে ক্ৰমে হোৱাটছ এপ নম্বৰ ৬০২৬৯০১২৪৩ , ট্ৰ'ল ফ্রী ফোন নম্বৰ ১৮০০৩৪৫৩৭৬৭ , নিয়ন্ত্রণ কক্ষৰ ফোন নম্বৰ ০৩৬১ ২৪৬২২৯৫ , ভিজিলেন্সৰ আৰক্ষী অধীক্ষকৰ মোবাইল নম্বৰ ৬০২৬৯০৩৪৮৩ আৰু ৬০২৬৯০৩৪৮১। তদুপৰি ভিজিলেন্সৰ অতিৰিক্ত আৰক্ষী অধীক্ষককো ৬০২৬৯০৩৪১৮ নম্বৰত প্ৰত্যক্ষভাৱে অভিযোগ দিব পাৰিব । ইয়াৰোপৰি complaints.vac@gmail.com ই - মেইল আৰু টুইটাৰ একাউণ্ট @DIR VAC ASSAM ত মেছেজযোগে ঘোঁচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব । উল্লেখ্য , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছৰে পৰা বিগত বৰ্ষৰ ১৯ অক্টোবৰ পৰ্যন্ত ভিজিলেন্সে ৫৫ টা গোচৰ পঞ্জীয়ন কৰি ২ মধ্যভোগীসহ ৬১ জন চৰকাৰী বিষয়া - কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

No comments