Breaking News

আদানিৰ দাম কমিল বাংলাদেশতো



চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা বাংলাদেশে লাভ কৰিব ভাৰতীয় কোম্পানী ‘ আদানি গ্রুপ’ৰ বিদ্যুৎ । পূৰ্বে কৰা চুক্তিৰ কম মূল্য অনুসৰিয়েই বাংলাদেশক আদানি গ্রুপে বিদ্যুৎ যোগান ধৰিব । দেওবাৰে দেশখনৰ বিদ্যুৎ , ইন্ধন আৰু খনিজ সম্পদ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নজৰুল হামিদে এক সংবাদমেল যোগে এই কথা স্পষ্ট কৰি দিয়ে । ইয়াৰ লগে লগে বিশ্বৰ লগতে বাংলাদেশতো যে আদানিৰ দাম কমিল সেয়া প্ৰকাৰন্তৰে স্পষ্ট হৈ পৰিছে । উল্লেখ্য যে আদানি গ্ৰুপৰ ব্যৱসায়িক পতনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আলোড়নৰ মাজতে কোম্পানীটোক তাপ বিদ্যুৎ প্রকল্পৰ কয়লাৰ দাম হ্রাস কৰাৰ বাবে বাংলাদেশ চৰকাৰে এখন পত্ৰ প্ৰেৰণ কৰে । ইয়াৰ পাছত দেওবাৰে বাংলাদেশৰ শক্তিমন্ত্ৰী নজৰুল হামিদে পূৰ্বে নিৰ্ধাৰিত কৰা চুক্তি মতেই অহা মাৰ্চৰ পৰা বাংলাদেশে আদানি গ্ৰুপৰ বিদ্যুৎ লাভ কৰিব বুলি সদৰি কৰাৰ লগতে এই সন্দৰ্ভত ২৮ ফেব্ৰুৱাৰীক ‘ কমাৰ্চিয়েল অপাৰ্চেন’ৰ দিন হিচাপে নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰে । শক্তিমন্ত্রী হামিদে কয় যে বাংলাদেশে যাতে আদানি গ্ৰুপৰ পৰা কম মূল্যত বিদ্যুৎ লাভ কৰিব পাৰে তাৰ বাবে কয়লাৰ আমদানি মূল্য হ্ৰাস কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে । কিয়নো দেশখনে পায়ৰা তাপ বিদ্যুৎ প্রকল্পৰ বাবে কম মূল্যতে কয়লা পাই আছে । আদানিৰ ক্ষেত্ৰতো সেই দামেই হ’ব লাগিব বুলি সংবাদমেলত মন্ত্ৰীজনে দাবী কৰে । স্মর্তব্য যে ২০১৭ চনৰ নৱেম্বৰ মাহত আদানি গ্ৰুপৰ সৈতে ২৫ বছৰৰ বিদ্যুৎ আমদানিৰ বাবে বাংলাদেশ পাৱাৰ ডেভলপমেন্ট বোর্ড ( বিপিডিবি ) এক চুক্তি কৰিছিল । সেই অনুসৰি ঝাড়খণ্ডৰ গোড্ডাত থকা কয়লা নিৰ্ভৰ ১৬০০ মেগাৱাট ক্ষমতা সম্পন্ন তাপবিদ্যুৎ প্রকল্পৰ পৰা বাংলাদেশক আদানি গ্রুপে বিদ্যুৎ যোগান ধৰিব । কিন্তু শেহতীয়া কয়লাৰ দামক কেন্দ্ৰ কৰি বাংলাদেশলৈ আদানিৰ বিদ্যুৎ যোগানক অনিশ্চয়তাৰ সৃষ্টি হৈছিল । জানিব পৰা মতে বাংলাদেশৰ তাপবিদ্যুত প্রকল্পসমূহৰ বাবে দেশখনে যি দৰত কয়লা ক্রয় কৰে তাতকৈ আদানি গ্ৰুপৰ প্ৰকল্পত টনে প্রতি কয়লাৰ দাম প্রায় ১০০ ডলাৰ বেছি । যদি সেয়াই হয় , তেন্তে আদানি গ্ৰুপৰ বিদ্যুতৰ মূল্য অন্য তাপবিদ্যুৎ প্রকল্পসমূহতকৈ অধিক হ'ব আৰু আদানিৰ বিদ্যুৎ যোগানক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল । কিন্তু এনে পৰিস্থিতিৰ মাজতে শক্তিমন্ত্ৰীজনে ‘ নিউকেচেল সূচক ’ অনুসৰণ কৰি আমদানিকৃত কয়লাৰ দাম নিৰ্ধাৰণ কৰিবলৈ আদানি গ্ৰুপলৈ বার্তা প্ৰেৰণ কৰা বুলি উল্লেখ কৰাৰ লগতে অহা মাৰ্চৰ পৰা দেশখনে পূৰ্বৰ চুক্তিত উল্লেখ থকা কম মূল্য অনুসৰিয়েই আদানি গ্ৰুপৰ বিদ্যুৎ লাভ কৰিব বুলি সংবাদ মেলক স্পষ্ট কৰি দিয়ে ।

No comments