Breaking News

গুৱাহাটীত জব্দ তিমি মাছৰ কোটিটকীয়া বমি ‘



ডিজিটেল ডেস্ক....গুৱাহাটীত জব্দ তিমি মাছৰ কোটিটকীয়া বমি।গুৱাহাটীত জব্দ হৈছে কেইবা কোটি টকাৰ মূল্যৰ সাগৰীয়া তিমি মাছৰ বমি ।  মহানগৰীৰ এটা গোপন স্থানৰ পৰা শুল্ক  বিভাগে  ১১.৫৬ কিলোগ্রাম ওজনৰ প্ৰায় ৩০ টুকুৰা জ্বলনশীল পদার্থ তিমি মাছৰ বমি জব্দ কৰিবলৈ সক্ষম হয় । ভাৰতত তিমি মাছৰ বমি সৰবৰাহ বন্যপ্রাণী সুৰক্ষা আইনৰ অধীনত নিষিদ্ধ যদিও চীনৰ পৰা ম্যানমাৰৰ হৈ এই দুর্লভ পদাৰ্থখিনি সৰবৰাহ কৰা বুলি শুল্ক বিভাগৰ সূত্ৰই সদৰী কৰিছে । এই বমিখিনি সৰবৰাহত জড়িত দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে । শুল্ক বিভাগে বমিখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য প্রায় ২৬.৯১ কোটি টকা হ'ব বুলিও জানিবলৈ দিছে । পার্ফিউম তথা আতৰৰ সুগন্ধ দীর্ঘদিন অটুট ৰখাৰ বাবে  বিলাতী সুৰাৰৰ গোন্ধ নোহোৱা কৰাতো এই সামগ্ৰীবিধ ব্যৱহাৰ হয় ।গুৱাহাটীত কোনো লোকক বিক্ৰীৰ উদ্দেশ্যৰে তিমি মাছৰ বমিখিনি চীনৰ পৰা ব্ৰহ্মদেশ হৈ অসমলৈ অনা বুলিও শুল্ক বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিছে ।

No comments