Breaking News

উভয় সংসদ পুনৰ অচল ' আদানি কাণ্ডক কেন্দ্ৰ কৰি উত্তাল হ’ল উভয় সদন



ডিজিটেল ডেস্ক:গৌতম আদানিৰ ব্যৱসায়ীক গোষ্ঠীৰ শ্বেয়াৰক লৈ হিল্ডেনবার্গে যি প্রতিবেদন ৰাজহুৱা হৈছিল , তাক লৈ সমগ্ৰ দেশত তীব্র বিক্ষোভ কাৰ্যসূচী পালন কৰি আছে কংগ্ৰেছ দলে । কংগ্ৰেছৰ দাবী আদানিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উচ্চতম ন্যায়ালয় বা সংসদৰ যৌথ সংসদীয় কমিটীৰ তত্বাৱধানত তদন্ত হ’ব লাগে। এল আইচি আৰু ষ্টেট বেংক অব ইণ্ডিয়াৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলে প্রতিবাদী কাৰ্যসূচীও পালন কৰিলে ।তৃতীয় দিনৰ বাবেও আদানি লৈ আলোচনাৰ বাবে সদনৰ অন্য কাম কাজ স্থগিত ৰখাৰ বাবে জাননী দিছিল বিৰোধী পক্ষই । কিন্তু শাসকীয় বিজেপিয়ে এই প্ৰস্তাৱ নাকচ কৰে । ইয়াৰ পাছতে উভয় সদনতে প্রতিবাদ সাব্যস্ত কৰে বিৰোধী পক্ষৰ সাংসদসকলে । এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰৰ অভিযোগ কি দৰে এখনৰ পাছত এখনকৈ জাননী খাৰিজ কৰিব পাৰে ? সংসদৰ কাম - কাজ বন্ধ হোৱাটো আমিও নিবিচাৰো । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি কয় আদানীৰ দুৰ্নীতিৰ সংসদৰ যুটীয়া কমিটীৰ দ্বাৰা তদন্ত কৰাৰ দাবী তিনিদিন ধৰি সংসদত উত্থাপন কৰিবলৈ দিয়া হোৱা নাই ।কংগ্ৰেছৰ স্পষ্ট অভিযোগ সংসদত আদানীৰ নাম উচ্চাৰণ হওক , সেইটো তেওঁৰ পৃষ্ঠপোষক নৰেন্দ্ৰ মোদীয়ে নিবিচাৰে । হিণ্ডেনবাৰ্গৰ প্রতিবেদন প্ৰকাশৰ পিছতে ১০০ বিলিয়ন মার্কিন ডলাৰতকৈ বেছি টকা শ্বেয়াৰ বজাৰত লোক্চানৰ সন্মুখীন হৈছে আদানী গোষ্ঠী ।

No comments