Breaking News

লোকসভাৰ তথ্য ৰাজ্যৰ ৩,৩৬১ বিদ্যালয়ত এজনকৈ শিক্ষক ‘


 ডিজিটেল ডেস্ক:লোকসভাৰ তথ্য ৰাজ্যৰ ৩,৩৬১ বিদ্যালয়ত এজনকৈ শিক্ষক....লোকসভাৰ মজিয়াত ফাদিল হ'ল অসমৰ শিক্ষাখণ্ডৰ দুৰ্দশাৰ কথা । মাত্র এজন শিক্ষকেৰে অসমৰ ৩,৩৬১ খন বিদ্যালয় পৰিচালিত হৈ আছে । সদনৰ প্রশ্নোত্তৰ কালত শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী অন্নপূর্ণা দেৱীয়ে ৰাজ্যৰ ৩,৩৬১ বিদ্যালয়ত এজনকৈ দেৱীয়ে এই তথ্য প্ৰদান কৰে ৷ দেৱীয়ে প্ৰদান কৰা তথ্য অনুসৰি সমগ্ৰ দেশত অকলশৰীয়া শিক্ষকে চলোৱা মুঠ বিদ্যালয়ৰ সংখ্যা হৈছে ১,১৭,২৮৫ খন । ইয়াৰ ভিতৰত মধ্য প্রদেশত সর্বাধিক ১৬,৬৩০ খন বিদ্যালয় আছে । আনহাতে মাত্র এজন শিক্ষকে পৰিচালনা কৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে অৰুণাচল প্ৰদেশত ৭৬৯ খন , মণিপুৰত ১৪৮ খন , মেঘালয়ত ১,৩২০ খন , মিজোৰামত ৬১ খন , নগালেণ্ডত ২৯ খন , ছিক্কিমত ৪৩ খন আৰু ত্ৰিপুৰাত ২০৪ খন বিদ্যালয় আছে । উল্লেখ্য যে শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি অসমত ২০২১-২২ বৰ্ষত ৪০,৪৮২ খন প্রাথমিক , ৭ , ২৯০ খন মাধ্যমিক আৰু ২,৪১৫ খন উচ্চ মাধ্যমিক বিদ্যালয় আছে । আনহাতে ৰাজ্যখনত শিক্ষক আৰু শিক্ষাৰ্থীৰ যি অনুপাত সেয়া প্রাথমিক পর্যায়ত ২৩ জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক আৰু উচ্চ প্ৰাথমিকত হৈছে ১৮ জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক । 

No comments