Breaking News

পেন্সনৰ বাবে উৎকোচ বিচাৰি গ্ৰেপ্তাৰ বিষয়া



ডিজিটেল ডেস্ক: পেঞ্চনৰ নামত ২০০০ হাজাৰ টকা উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল এজন বিষয়াজন । গুৱাহাটীৰ চানমাৰিৰ জলসিঞ্চনৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী বিষয়া দ্বীপ বণিয়াক কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে  পেঞ্চনৰ নামত উৎকোচ লৈ থকাৰ সময়ত হাতে লোটে ধৰা পেলায় ।  উৎকোচ লোৱা অপৰাধত দ্বীপ বণিয়াক গ্রেপ্তাৰ কৰা হয় ।দ্বীপ বণিয়াৰ বিৰুদ্ধে ভুক্ত ভোগীয়ে অভিযোগ দিয়াৰ ভিত্তিত সোমবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলায় । অভিযোগকাৰীয়ে বণিয়াৰ বিৰুদ্ধে প্রয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে দুর্নীতি নিবাৰক শাখাৰ কাষ চাপিছিল । অভিযোগৰ ভিত্তিতে দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে এই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দ্বীপ বণিয়াক । এই সন্দৰ্ভত  এ চি বি আৰক্ষী থানাত ০৩/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে । এই সন্দৰ্ভত প্রিভেনচন অৱ কৰাপচন এক্ট ১৯৮৮ ৰ ধাৰা ৭ ( এ ) অধীনত পৰৱৰ্ত্তী সময়ত অনুসন্ধান চলোৱা হ’ব ।

No comments