Breaking News

যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সতীৰ্থ সন্মিলনৰ আয়োজন ।


ডিজিটেল সংবাদঃযোৰহাট... অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ১১আৰু ১২ ফেব্ৰুৱাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত কৃষি মহাবিদ্যালয়ৰ  সতীৰ্থসকলৰ এখন সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে । ১১ ফেব্ৰুৱাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই উদ্ধোধন কৰিবলগীয়া দুদিনীয়া এই সন্মিলনৰ  শুভাৰম্ভণি কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে আৰু সাংসদ তপন কুমাৰ গগৈয়ে  সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।কাৰ্যসূচী অনুসৰি ১১ ফেব্ৰুৱাৰীৰ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত সতীৰ্থ সকলৰ মাজত বাৰেৰহনীয়া শোভাযাত্ৰা উলিওৱা হ'ব। মুকলি সভাৰ পাছতে বিয়লি অন্তৰংগ আলাপ আৰু নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ১২ ফেব্ৰুৱাৰীত পুৱা সতীৰ্থ সকলৰ মাজত প্ৰীতি ফুটবল খেল আৰু সতীৰ্থ সন্মিলনৰ বিষয় বাচনি সভা অনুষ্ঠিত হ'ব। বিয়লি হোষ্টেল তথা পাম  পৰিদৰ্শন কাৰ্যসূচী আৰু সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ জৰিয়তে সাংস্কৃতিক সন্ধিয়া অনুস্থিত হ'ব । সতীৰ্থ সন্মিলনৰ আয়োজক সমিতিৰ সভাপতি ড: জয়ন্ত ডেকা আৰু সম্পাদক ড:কল্যাণ পাঠকে এই সন্মিলনত পূৰ্বৰ আৰু বৰ্তমানৰ শিক্ষাৰ্থী সকলৰ সহায়- সহযোগ তথা উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

No comments