Breaking News

এল.আই.চি, ষ্টেট বেংক বচাওক ধ্বনিৰে ধৰ্ণা কংগ্ৰেছৰ

 


ডিজিটেল ডেস্ক:এল.আই.চি, ষ্টেট বেংক বচাওক ধ্বনিৰে ধৰ্ণা কংগ্ৰেছৰ.....আদানিৰ গ্ৰুপৰ গ্ৰাসৰ পৰা বেংক আৰু ভাৰতীয় জীৱন বীমা নিগমক মুক্তকৰণৰ দাবীত ৰাজ্যৰ জিলাই জিলাই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে । প্রদেশ কংগ্ৰেছৰ এটা  দলে সোমবাৰে গুৱাহাটীৰ ফাঁচীবজাৰস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ মাঙলিক কার্যালয়তো হাতে হাতে বেনাৰ , পোষ্টাৰ , লৈ উত্তাল প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰে ।  আদানী - মোদীৰ বিৰুদ্ধে গুৱাহাটীত প্রতিবাদ কৰি আটক হ’ল বিধায়ক জাকিৰ হুছেইন , শিৱামণি বৰা সহ শতাধিক কংগ্ৰেছ কৰ্মী । প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে গুৱাহাটী মহানগৰৰ ফাঁচী বজাৰস্থিত ভাৰতীয় জীৱন বীম নিগমৰ গুৱাহাটী মাগুলিক কৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপিৰ ছত্ৰছায়ত আদানিয়ে সর্ববৃহৎ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ইতিমধ্যে দেশজুৰি আন্দোলন ঘোষণা কৰিছে । এই প্রতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে দিনৰ ১১ বজাত ফাঁচী বজাৰস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সমবেত হয় । প্রতিবাদকাৰীসকলে হাতে হাতে বেনাৰ , ফ্লেগ , লৈ বিজেপি চৰকাৰ হায় হায় , অদানিৰ কেলেংকাৰীৰ তদন্ত কৰক আদি শ্ল'গা পৰিৱেশ উত্তাল কৰি তোলে । কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে কয়— বিজেপি চৰকাৰে আৰক্ষীৰ দ্বাৰা কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে । বিজেপিৰ ছত্ৰছায়াত আদানিয়ে কৰা সৰ্ববৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছে দেশজোৰা আন্দোলন ঘোষণা কৰছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ বন্ধু আদানিৰ ব্যৱসায়িক প্রতিষ্ঠানত এল আই চি অৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ দৰে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ দ্বাৰা অত্যন্ত বিপজ্জনক । প্রধানমন্ত্ৰীৰ নির্দেশত এল আই চিয়ে আদানি গ্রুপত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ বাধ্য হৈছিল । যাৰ পৰিণতিত বিগত কেইদিনমানৰ ভিতৰতে এল আই চিয়ে ৩৯ কোটি টকাৰ লোকচানৰ ভাৰ মূৰ পাতি ল'বলগীয়া হ'ল । 


No comments