Breaking News

এইবাৰ হিমাচল প্ৰদেশত হিমস্খলন।



হিমাচলৰ লাহুল–স্পিটিৰ ছিকাত সংঘটিত হিমস্খলনৰ দুজনকৈ শ্ৰমিকৰ মৃত্যুহোৱাৰ বিপৰীতে কেইবাজনো লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।হিমাচল প্ৰদেশত হিমস্খলনৰ ফলত দুজন নিহত, এজন সন্ধানহীন

 দেওবাৰে সন্ধিয়া হিমাচল প্ৰদেশৰ লাহুল আৰু স্পিটি জিলাৰ শিনকুলা-দৰচা পথত হোৱা হিমস্খলনৰ ফলত দুজন শ্ৰমিক নিহত হয় আৰু আন কেইবাজনী লোক সন্ধানহীন হৈ আছে। জিলাখনৰ চিকা গাঁৱত হিমস্খলনৰ ফলত নৈমিত্তিক শ্ৰমিক বৰফ কাটাৰ/ডোজাৰৰ সৈতে বৰফত সমাধিস্থ হৈছিল।


ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা অনুসৰি নেপালৰ ৰাম বুধা আৰু চম্বাৰ পৰা ৰাকেশৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আনহাতে নেপালৰ বাসিন্দা ২৭ বছৰীয়া পাচাং ছেৰিং লামা সন্ধানহীন হৈ আছে আৰু বৰফত পুতি থোৱাৰ আশংকা কৰা হৈছে।


আৰক্ষী, স্বাস্থ্য বিষয়া আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্যসকলক লৈ গঠিত এটা উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। 

উল্লেখ্য যে তাপমাত্ৰা আৰু দৃশ্যমানতা হ্ৰাস হোৱাৰ ফলত নিশা উদ্ধাৰ অভিযান বন্ধ ৰাখিব লগা হয়। 

No comments