Breaking News

বসবাসৰ অনুপযোগী হৈ পৰিছে গুৱাহাটী মহানগৰী

 


ডিজিটেল ডেস্ক:বসবাসৰ অনুপযোগী হৈ পৰিছে  গুৱাহাটী মহানগৰী। গুৱাহাটীৰ বায়ুমণ্ডলত বৃদ্ধি পাইছে প্ৰদূষণ । গুৱাহাটী মহানগৰীত প্ৰদূষণৰ বাবেই ভয়ংকৰ হাৰত বৃদ্ধি পাইছে জ্বৰ - কাঁহ , শ্বাস - প্রশ্বাস তথা চৰ্মৰোগজাতীয় বেমাৰে । শিশুৰ পৰা বৃদ্ধলৈ বিভিন্নজন প্ৰদূষণজন্তি ৰোগত আক্রান্ত হোৱাত চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে ।বিগত তিনিটা দিনত গুৱাহাটীত বায়ুমণ্ডলৰ মান সূচাংক ( এয়াৰ কোৱালিটী ইনডেক্স ) অভাৱনীয় হাৰত অৱনমিত হৈছে । গুৱাহাটীৰ বায়ুৰ মান সূচাংকই ৩২০ স্পৰ্শ কৰিছে । যাক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ' অতি বেয়া ' হিচাপে চিহ্নিত কৰিছে । বায়ু প্ৰদূষণ মত্রা বৃদ্ধি পোৱাত গুৱাহাটী চহৰ এই মুহূৰ্তত শিশু আৰু বৃদ্ধ লোকৰ বাবে বিপজ্জনক হৈ পৰা বুলিও বিশেষজ্ঞসকলে সকীয়াই দিছে । বৰষুণ হ্রাস পোৱাত ব্ৰহ্মপুত্ৰৰ বালিচৰ শুকাই যোৱাত বতাহত ধূলি বালি উৰৱাই অনাত প্ৰদূষণ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ... দ্বিতীয়তে গুৱাহাটী মহানগৰীত অবৈজ্ঞানিক নির্মাণ কার্যকো প্ৰদূষণৰ কাৰণ হিচাপে ধৰা হৈছে । বিশেষকৈ গুৱাহাটীত নিৰ্মাণৰত ৭ খন উৰণীয়া সেতু , ব্রহ্মপুত্ৰ পাৰ উন্নয়ন তথা বিভিন্ন বিল্ডাৰে কোনো প্ৰতিৰোধমূলক ব্যৱস্থা অবিহনে পুৰণি বিল্ডিং ভাঙি নতুন অট্টালিকা নিৰ্মাণৰ ফলতো প্ৰদূষণৰ মাত্রা বৃদ্ধি পাইছে । বৃহৎ বৃহৎ গছ কাটি সেউজ আৱৰণ ধ্বংস কৰা কাৰ্যকো প্ৰদূষণৰ কাৰক হিচাপে অভিহিত কৰিছে । অস্বাভাৱিক হাৰত মানবসৃষ্ট প্ৰদূষণ বৃদ্ধি পোৱাত বহু লোক হাঁওফাঁওজনিত সমস্যাত আক্রান্ত হোৱা বুলি সদৰী কৰিছে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই । গুৱাহাটী পৌৰ নিগমক বিশেষকৈ মহানগৰীৰ পথ - উপ - পথসমূহত নিয়মীয়াকৈ পানী ছটিওৱাৰ ব্যৱস্থা লোৱাৰ বাবেও পৰামৰ্শ দিছে চিকিৎসকজনে । প্ৰদূষণৰ মাত্রা বৃদ্ধি পোৱাৰ সন্দৰ্ভত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জ্যেষ্ঠ বিষয়া মনোজ শ‍ইকীয়াই কয়— ‘ বৰষুণৰ পৰিমাণ যেতিয়া হ্রাস পায় , তেতিয়া বায়ুমণ্ডলত ধূলিকণাৰ পৰিমাণ বৃদ্ধি পায় । নৱেম্বৰ মাহৰ পাছতেই অসমৰ বায়ুমণ্ডল শুকান হৈ পৰে । কিয়নো বাৰিষা কালত ধূলিকণাসমূহ উটুৱাই নিয়ে যদিও খৰালি বৰষুণ হ্রাস পোৱাত ধূলিকণাসমূহ ভাসমান হৈ থাকে ।  ফ্লাই অভাৰ নিৰ্মাণ আৰু ব্ৰহ্মপুত্ৰৰ বালিচৰ শুকাই যোৱাত বতাহত ধূলি - বালি ভাঁহি অহাত গুৱাহাটীত প্ৰদূষণ বৃদ্ধি পাইছে । যাৰ বাবে বিগত ৪-৫ দিন গুৱাহাটীৰ বায়ুৰ মান সূচাংক বেয়া বা অতি বেয়া হিচাপে চিহ্নিত হৈছে । 





        দীপৰ বিল অস্তিত্বৰ সংকটত....দীপৰ বিলৰ পাৰত যুগ যুগ ধৰি বাস কৰি অহা বাসিন্দা হিচাপে আমি দীপৰ বিলক ৰক্ষা কৰিবলৈ চক্ৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহে সদায় কাম কৰি আহিছো আৰু কাম কৰি যাম । কিন্তু গুৱাহাটী পৌৰ নিগমে প্রায় ডেৰ বছৰ পূৰ্বে পশ্চিম বৰাগাঁৱৰ বেলতলত হাউছফেডৰ প্রায় ৬০ বিঘা মাটিত ডাম্পিং গ্রাউণ্ড নিৰ্মাণ কৰা আৰু পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ দীপৰ বিলত পেলাই বিলখনত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণৰৰ বাবেই মৎসকুল , জীৱকুল , জলজ উদ্ভিদ সকলো বিলুপ্তিৰ দিশলৈ গতি কৰিছে । — এই মন্তব্য দীপৰ বিলৰ সংৰক্ষণ , সংবর্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা চক্ৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সম্পাদক , দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু পৰিবেশ কৰ্মী প্রমোদ কলিতাৰ । চক্ৰদৌ কলিতাপাৰাত সাংবাদিকৰে সৈতে হোৱা ‘ পামহী কেনেলৰে পেলাই অহা দুষিত পানীয়ে দীপৰ বিলত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণ বন্ধ কৰা ’ বিষয়ক এক অন্তৰংগ আলাপত ভাগ লৈ এই মন্তব্য কৰে প্ৰমোদ কলিতাই । মহিলা সমাজসেৱী আৰু পৰিবেশ কর্মী অনামিকা দাস কলিতাই আঁত ধৰা আলাপত প্ৰমোদ কলিতাই কয় আমি দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকাটো বিচাৰো । কিন্তু পূৰ্বৰ ডাম্পিং গ্রাউণ্ডটো বন্ধ কৰি গুৱাহাটী পৌৰ নিগমে বেলতলত নতুনকৈ স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড , পামহী কেনেলৰে অহৰহ ভাবে বৈ অহা দুষিত পানীভাগে বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে । যাৰ বাবে পূৰ্বৰ দৰে নহা হৈছে দেশী - বিদেশী পৰিভ্ৰমী চৰাই । মৰি গৈছে সকলো ধৰণৰ জলজ উদ্ভিদ । বিলুপ্তি হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ , কাছ । ভয়াবহ ভাবে পানী দূষিত হোৱাৰ বাবে আগৰ দৰে দীপৰ বিলৰ পানীত নামি জলকেলি নকৰে বনৰীয়া হাতীয়ে । শেহতীয়াভাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰীয়ে দীপৰ বিলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি ঘোষণা কৰিছে । আমি সেই ঘোষণাক আদৰণি জনাইছোঁ আৰু ঘোষণা অনুসৰি কামখিনী যাতে শীঘ্ৰে আৰম্ভ হয় তাৰ কামনা কৰিছো । আলাপত দীপৰ বিলৰ উত্তৰ দিশৰ খানামুখ মিলন সংঘৰ এজন কর্মকর্তা তথা পৰিবেশ কর্মী দিলীপ কলিতা ( চক্র ) , সমাজকর্মী উত্তম কলিতা উপস্থিত থাকে ।

No comments