Breaking News

তুৰস্কত ৩ মাহৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা



ৰাষ্ট্ৰসংঘই উল্লেখ কৰা অনুসৰি সোমবাৰে দক্ষিণ তুৰ্কীত অনুভূত প্ৰথমটো ৭.৮ প্ৰাবল্যৰ ভূমিকম্পটো ৮০ বছৰতকৈও অধিক সময়ৰ ভিতৰত দেশখনৰ আটাইতকৈ শক্তিশালী ভূমিকম্প আছিল। 

তুৰস্ক আৰু চিৰিয়াত যোৱা ৪৮ ঘণ্টাত পাঁচটাকৈ হোৱা ভূমিকম্পত ৫,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক আহত হৈছে। 

সোমবাৰে পাজাৰ্চিক জিলাত কেন্দ্ৰীভূত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই কাহৰমণমাৰাছক জোকাৰি যায় আৰু আনাদোলু সংস্থাৰ প্ৰতিবেদন অনুসৰি গাজিয়ানটেপ, চানলিউৰফা, দিয়াৰবাৰ্কা, আদিয়ামান, মালতিয়া, ওচমানিয়া, হাতয় আৰু কিলিছকে ধৰি কেইবাখনো প্ৰদেশত ভূমিকম্পই ক্ষতি কৰে। দিনটোৰ পিছত, কাহৰমণমাৰাছৰ এলবিস্তান জিলাত কেন্দ্ৰীভূত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই অঞ্চলটোক জোকাৰি গৈছিল। লেবানন আৰু চিৰিয়াকে ধৰি কেইবাখনো চুবুৰীয়া দেশতো ভূমিকম্পই মৃদু জোকাৰণিৰ সৃষ্টি কৰিছিল।  ৰিখটাৰ স্কেলত ৬.০ প্ৰাবল্যৰ তৃতীয় ভূমিকম্পত তুৰ্কীৰ গকচুনত ব্যাপত ক্ষতিসাধন হৈছিল ।

ৰাষ্ট্ৰসংঘই উল্লেখ কৰা অনুসৰি সোমবাৰে দক্ষিণ তুৰ্কীত অনুভূত প্ৰথমটো ৭.৮ প্ৰাবল্যৰ ভূমিকম্পটো ৮০ বছৰতকৈও অধিক সময়ৰ ভিতৰত দেশখনৰ আটাইতকৈ শক্তিশালী ভূমিকম্প আছিল। 

No comments