Breaking News

আৰ এছ এছৰ আদানি বচাও অভিযান

 





ডিজিটেল ডেস্ক: দেশৰ বিশেষ প্রভাবশালী উদ্যোগপতি গৌতম আদানিক এইবাৰ উদ্ধাৰত নামিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক ( আৰ এছ এছ ) সংঘ । বি বি চিৰ তথ্যচিত্ৰ আৰু হিঙেনবাৰ্গৰ প্ৰতিবেদনৰ এই ষড়যন্ত্র উদঙাই দি আৰ এছ এছৰ মুখপত্ৰখনত নিজৰ স্থিতি আদানিৰ সপক্ষে প্রকাশ কৰিছে ।সংগঠনটোৰ ইংৰাজী মুখপত্র ' অর্গেনাইজাৰ'ৰ শেহতীয়া সংখ্যাৰ এক নিবন্ধত কোৱা হৈছে চীনক লাভান্বিত কৰাৰ বিশেষ লক্ষ্য - উদ্দেশ্যৰে আদানি গ্ৰুপৰ বজাৰ মূলধন সন্দৰ্ভত হিণ্ডেনবার্গ বিছাৰ্চে প্রতিবেদন প্ৰকাশ কৰিছে । প্রতিবেদনে কেৱল আদনিক নহয় , ভাৰতীয় অর্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে । বি বি চিৰ তথ্যচিত্ৰৰ পৰা হিওেনবার্গ ৰিছাৰ্চে এইধৰণৰ ৰিপৰ্ট প্রকাশত অনুপ্রাণিত হয় । এই প্রতিবেদন প্রকাশ কৰি ভাৰতীয় অর্থনীতি বিপৰ্যয়ৰ মাজলৈ থেলি দিয়াৰ লগতে ভাৰতীয় কোম্পানীসমূহৰ বিশ্বাসযোগ্যৰ প্ৰতি সন্দেহভাজন কৰি তোলা ।নিবন্ধত মার্কিন যুক্তৰাষ্ট্ৰৰ আদালতে হিণ্ডেনবাৰ্গৰ এই ধৰণৰ প্ৰতিবেদক সামান্যতম গুৰুত্ব নিদিয়াৰ উদাহৰণ দি কোৱা হৈছে— ভাৰতে হিণ্ডেনবার্গৰ ৰিপৰ্টক মিডিয়া আৰু ৰাজনৈতিক নেতাসকলৰ এটা অংশই বিশ্বাসযোগ্য আৰু চৰম সত্যৰ প্ৰতীকৰূপে বিবেচনা কৰে । ভাৰতীয় অর্থনীতি আৰু কোম্পানীসমূহক বাৰে বাৰে দেশ আৰু বিদেশত নিহিত স্বাৰ্থৰ দ্বাৰা বিভিন্ন আক্ৰমণৰ লক্ষ্য কৰা হৈছে । নিবন্ধটোত এই প্ৰসংগত তামিলনাডুৰ তুতিকোৰিনেৰ ষ্টাৰলাইন কোম্পানীৰ তাম প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ বিৰুদ্ধে স্থানীয় লোকব প্রতিবাদ আৰু নিৰাপত্তাৰক্ষীৰ গুলীচালনাৰ ফলত কাৰ্খানাটো বন্ধ হোৱাৰ দৰে ঘটনাৰ কথা অৱতাৰণা কৰা হয় । ২০১৭-১৮ বৰ্ষত ৩,৩৫,০০০ মেট্রিক টন তাম ৰপ্তানি কৰা ভাৰতে ২০১৮-১৯ বৰ্ষত ১৮ বছৰত প্ৰথমবাৰলৈ তাম আমদানি কৰিব লগা হৈছে । 

No comments