Breaking News

ৰাজ্যত বৰষুণৰ পৰিমাণ ৭৬ % হ্রাস জানুৱাৰী - ফেব্ৰুৱাৰীত হৈছে মাথোঁ ৫ মিলিমিটাৰ বৰষুণ :



ডিজিটেল ডেস্ক:ৰাজ্যত বৰষুণৰ পৰিমাণ ৭৬ % হ্রাস জানুৱাৰী - ফেব্ৰুৱাৰীত হৈছে মাথোঁ ৫ মিলিমিটাৰ বৰষুণ.... চাহ উদ্যোগকে ধৰি কৃষি অর্থনীতিত পৰিছে বিৰূপ প্ৰভাৱ.....বাগিচা অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ পত্ৰ নৰ্থ - ইষ্টার্ন টি এছ'চিয়েচনৰ বায়ু প্ৰদূষণেও জটিল কৰিছে পৰিস্থিতি... কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি সাম্প্রতিক সময়ত অসমত বৰষুণৰ পৰিমাণ হ্রাস পাইছে ৭৬ শতাংশ । জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত সাধাৰণতে যিমান পৰিমাণৰ বৃষ্টিপাত হ'ব লাগে তাতকৈ ৭৬ শতাংশ কমকৈ বৰষুণ হৈছে ৰাজ্যখনত । ৰাজ্যৰ বাক্সা জিলাত ১০০ শতাংশ বৰষুণ হ্রাস পোৱাৰ সমান্তৰালকৈ বৰপেটাত ৯৯ শতাংশ , বঙাইগাঁৱত ৭৮ শতাংশ , কাছাৰত ৯৫ শতাংশ , চিৰাঙত ৮৯ শতাংশ , দৰঙত ১০০ শতাংশ আৰু ধেমাজি জিলাত ৫০ শতাংশ বৰষুণ হ্রাস পাইছে । একেদৰে ধুবুৰী জিলাত ৯৩ শতাংশ , ডিব্ৰুগড়ত ৫৬ শতাংশ , গোৱালপাৰাত এশ শতাংশ , গোলাঘাটত ১৭ শতাংশ , হাইলাকান্দিত ৯৮ শতাংশ , যোৰহাটত ৫৪ শতাংশ , কামরূপ ( গ্রাম্য ) ত এশ শতাংশ , কামৰূপ ( মহানগৰ ) ত এশ শতাংশ , কাৰ্বি আংলঙত ৯৮ শতাংশ , কৰিমগঞ্জত ৮৫ শতাংশ , কোকৰাঝাৰত ৬৪ শতাংশ , লখিমপুৰত ৫৪ শতাংশ , মৰিগাঁৱত এশ শতাংশ আৰু ডিমা হাচাও জিলাত ৯৮ শতাংশ বৰষুণ কম হৈছে । আনহাতে এই সময়ত নগাঁও জিলাত ৯৬ শতাংশ বৰষুণ কম হোৱাৰ সমান্তৰালকৈ নলবাৰীত এশ শতাংশ , শোণিতপুৰত ৩২ শতাংশ , শিৱসাগৰত ৪১ শতাংশ , তিনিচুকীয়াত ৩২ শতাংশ আৰু ওদালগুৰি জিলাত ৯৭ শতাংশ বৃষ্টিপাত কম হোৱা পৰিলক্ষিত হৈছে । অর্থাৎ এই সময়ছোৱাত সামগ্রিকভাৱে ৰাজ্যখনত বৰষুণৰ ঘাটি হ'ল ৭৬ শতাংশ । অকল অসম বুলিয়ে নহয় , উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যকেইখনতো এই সময়ছোৱাত বৰষুণৰ মাত্ৰা অভাৱনীয়ভাৱে হ্রাস পাইছে । অৰুণাচল প্রদেশত ৫৩ শতাংশ বৰষুণ হ্রাস পোৱাৰ সমান্তৰালকৈ মণিপুৰত ৯৯ শতাংশ , মেঘালয়ত ৯৯ শতাংশ , মিজোৰামত এশ শতাংশ , নাগালেণ্ডত ৯৯ শতাংশ আৰু ত্ৰিপুৰাত এশ শতাংশ বৃষ্টিপাতৰ ঘাটি হৈছে । যোৱা এক জানুৱাৰীৰ পৰা কালি অর্থাৎ ৮ ফেব্ৰুৱাৰীলৈ অসমত হোৱা বৰষুণৰ পৰিমাণ হ’ল মাত্র ৫ মিলিমিটাৰ । আনহাতে অৰুণাচল প্রদেশত ৩১.১ মিলিমিটাৰ , মেঘালয়ত ০.১ মিলিমিটাৰ , নাগালেণ্ডত ০.৩ মিলিমিটাৰ বৰষুণ হৈছে । ইয়াৰ বিপৰীতে মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাত এই সময়ছোৱাত অলপো বৰষুণ হোৱা নাই ।   চাহ বাগিচা অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই ৰাজ্য চৰকাৰলৈ যোৱা ৪ ফেব্ৰুৱাৰীত পত্ৰ লিখে নর্থ - ইষ্টার্ন টি এছ'চিয়েচনে । 

No comments