Breaking News

শিলাবৃষ্টিয়ে অনিষ্ট কৰা কৃষিভূমি পৰিদৰ্শন কৃষি বিভাগৰ

 



ডিজিটেল সংবাদ ,গোলাঘাট...  গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে অতি কষ্টৰে উৎপাদন কৰা বিভিন্ন খেতিবোৰ অলপতে হোৱা শিলাবৃষ্টিৰ বাবে পথাৰতে নষ্ট হৈ যোৱাত মূৰে কপালে হাত দিছে। আজি গোলাঘাট জিলা কৃষি বিভাগৰ এটা দলে জিলাখনৰ গুলুং তেমেৰা, নাচনী পাৰ, মিচিমিআটি, দুসুতিমুখ আৰু আলামি গাঁওৰ বিভিন্ন সৰিয়হতলী পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই শিলাবৃষ্টি ত নষ্ট হোৱা কৃষিভূমি পৰিদৰ্শন কৰি ভুক্তভোগী খেতিয়ক সকলৰ কৃষিভূমিৰ পৰিস্থিতিৰ বুজ লয়।তদুপৰি  আজিৰ পৰিদৰ্শনৰ সময়চোৱাত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বীমা কৰা কৃষক সকলৰ কৃষি ভুমিও পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে  আজিৰ এই দলটোত কৰ্মসূচী বিষয়া ড: অমৰজিত শইকীয়া, সংবাদ বিশেষজ্ঞ ভার্গব শইকীয়া,কৃষি সম্প্ৰসাৰণ সহায়ক হেমন্ত মেধি, PMFBY ৰ প্ৰতিনিধি উপস্থিত আছিল।উল্লেখযোগ্য যে গোলাঘাট জিলাত শিলাবৃষ্টি ৰ ফলত উক্ত অঞ্চসমূহত হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট হৈছিল।

No comments