Breaking News

১১২ বছৰৰ পিচত মাজুলীৰ আউনীআটী সত্ৰলৈ অনা হ’ল ধৰ্ম প্ৰকাশ যন্ত্র




ডিজিটেল ডেস্ক: সত্ৰাধিকাৰ  ড° পীতাম্বৰ দেৱগোস্বামীৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস .. ১১২ বছৰৰ পিচত মাজুলীৰ আউনীআটী সত্ৰলৈ অনা হ’ল ধৰ্ম প্ৰকাশ যন্ত্র...মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ লগতে অসমৰ বৈষ্ণৱ ধৰ্মৰ সংকটৰ সময়ত ১৮৭১ চনতে কলকাতাৰ পৰা ছপাশাল আনি এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দত্ত দেৱগোস্বামীয়ে । ব্ৰিটিছৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ - প্ৰসাৰে ৰাজ্যত খলকনিৰ সৃষ্টি কৰাৰ সময়তে সত্ৰাধিকাৰগৰাকীয়ে_ মাধৱ চন্দ্ৰ বৰদলৈ আৰু মাণিক বৰুৱাৰ যোগেদি কলকাতাৰ পৰা ধৰ্ম প্ৰকাশ যন্ত্র নামৰ উক্ত ছপাশাল মাজুলীলৈ আনি আৰম্ভ কৰিছিল ' আসাম বিলাসিনী ’ কাকতৰ প্ৰকাশ । ১৯১১ চনত ছপাশাল বন্ধ হৈ পৰাত যোৰহাটৰ আছাম প্ৰেছত উক্ত ছপাশাল স্থাপন কৰি ১৯২৪ চনলৈকে ‘ সাদিনীয়া বিলাসিনী ’ প্ৰকাশ কৰি সাধাৰণ ৰাইজৰ মাজত চেতনা আনিবলৈ সক্ষম হৈছিল । সত্ৰৰ সংগ্ৰহালয় শুৱনি কৰা ধৰ্মৰ প্ৰকাশ যন্ত্ৰ সত্ৰত স্থাপন কৰি তিনিখনকৈ বাতৰি কাকত , গুৰু দুজনাৰ কীৰ্তন , ঘোষাকে ধৰি বহুতো অমূল্য গ্রন্থ প্রকাশ কৰি অসমৰ সাহিত্য - সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ সমান্তৰালভাৱে সত্ৰখনক মহীয়ান কৰা আৰু দেশৰ স্বাধীনতা সংগ্রামতো ভূমিকা লোৱা সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ স্মৰণ কৰাৰ লগতে ধর্ম প্রকাশ যন্ত্ৰৰ প্ৰতিষ্ঠা কৰি আসাম বিলাসিনীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবেও এতিয়াৰ সত্ৰাধিকাৰ ড ° গোস্বামীয়ে পদক্ষেপ গ্ৰহণ কৰিছে । অহা জুন মাহৰ প্ৰথম সপ্তাহত দুদিনীয়া কাৰ্যসূচীৰে সমান্তৰালভাৱে গুৱাহাটীতো ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ দিহা কৰিছে । উক্ত উৎসৱৰ প্ৰাক্ষণত ধৰ্ম প্ৰকাশ যন্ত্ৰৰ যন্ত্রাংশ স্থাপন কৰে । উল্লেখ্য যে উক্ত কাৰ্যসূচীত দত্ত দেৱগোস্বামীৰ তিনিখন গ্রন্থ ‘ আসাম বিলাসিনী ' , ' আসাম তাৰা ,  দত্ত দেৱগোস্বামীৰ ৰচনাৱলী , নাটক , গীত , পদ , শ্লোক , , প্রবন্ধ সংকলনকে ধৰি বহুকেইখন গ্রন্থ প্রকাশ কৰা হ'ব বুলি বৰ্তমানৰ সত্ৰাধিকাৰ ড ° পীতাম্বৰ দেৱগোস্বামীয়ে জানিবলৈ দিয়ে ।

No comments