Breaking News

মাতৃৰ বুকুৰ পৰা কাঢ়িলে ১০ লাখ তিব্বতী শিশুক

 


ডিজিটেল ডেস্ক:মাতৃৰ বুকুৰ পৰা কাঢ়িলে ১০ লাখ তিব্বতী শিশুক......তিবৃত্তৰ সাহিত্য - সংস্কৃতি - সভ্যতক ধ্বংস কৰাৰ কুটিল ষড়যন্ত্র আৰম্ভ কৰিছে চীন চৰকাৰে । চীনৰ কমিউনিষ্ট চৰকাৰে নিজৰ আধিপত্য বজাই ৰাখিবলৈ নানাধৰণৰ কঠোৰ পদক্ষেপ গ্রহণ কৰি আহিছে । মাতৃৰ বুকুৰ পৰা কাঢ়ি নিছে প্রায় ১০ লাখ তিব্বতী শিশুক পৰিয়ালৰ পৰা বলপূর্বকভাবে শিশুক বিচ্ছিন্ন কৰাৰ অভিযোগ উঠিছে । এই শিশুসকলক পৰিয়ালৰ পৰা কাঢ়ি নি চীনৰ চৰকাৰে স্থাপন কৰা বাৰ্ডিং স্কুলত কমিউনিষ্ট আদর্শনে শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাষ্ট্ৰসংঘৰ তিনিগৰাকী মানবাধিকাৰ বিশেষজ্ঞই প্রস্তুত কৰা এখন প্রতিবেদনত এই তথ্য প্রকাশ পাইছে ৷ চীনৰ চৰকাৰে তিব্বতৰ শিশুসকলক নিজৰ ভাষা - সংস্কৃতি আৰু ইতিহাসৰ পৰা আঁতৰাই ৰাখি তিব্বতত ভবিষ্যতে যাতে চীনবিৰোধী কোনোধৰণৰ আন্দোলন আদিয়ে মূৰ দাঙি উঠিব নোৱাৰে তাৰ ব্যৱস্থা লৈছে । বিশেষজ্ঞ তিনিগৰাকীয়ে অভিযোগ কৰামতে পৰিয়ালৰ পৰা কাঢ়ি নিয়া ভিব্বতৰ শিশুসকলক আন্তঃৰাষ্ট্ৰীয় মানবাধিকাৰৰ মান উলংগা হোবা আবাসিক বিদ্যালয়ত ৰখা হৈছে । ইফালে চীন সেনাবাহিনীৰ চিকিৎসকে তিব্বতৰ গর্ভবতী মহিলাৰ ক্ষেত্ৰতো কেতবোৰ গুৰুতৰ মানবাধিকাৰ উলংঘন কৰাব অভিযোগ উঠিছে । 

No comments