Breaking News

গুৱাহাটী মহানগৰী দিনৰ পোহৰতে অন্ধকাময়

 



 ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰী বায়ুমণ্ডলৰ ধূলিৰে ধুসৰ হৈ পৰি ডাঠ কুঁৱলী সদৃশ আৰণেৰে আকাশ ঢাকি পেলোৱাত আতংকিত হৈ একাংশ নাগৰিক ।বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতি সৃষ্টি হয় মহানগৰীত । গুৱাহাটীৰ বায়ুমণ্ডলৰ অস্বাভাৱিক পৰিৱৰ্তনক লৈ একাংশ লোক আতংকিত হৈ পৰিলেও এই পৰিস্থিতিৰ কোনো অস্বাভাবিক নহয় বুলি মত ব্যক্ত কৰিছে পৰিৱেশবিদসকলে...কিয়নো মহানগৰীৰ বায়ু মণ্ডল ধূলি আৰু ধূসৰ হৈ পৰাৰ মূল কাৰণটোৱে হৈছে গুৱাহাটীৰ প্ৰদুষণ।অৰুণাচল তথা উজনি অসমত অব্যাহত থকা বৰষুণৰ ফলত গুৱাহাটীৰ বায়ুমণ্ডলত চাপৰ সৃষ্টি হৈ কুঁৱলী তথা জলকণাই প্ৰদূষিত ধূলি আৰু ভাসমান কণা ধৰালৈ নমাই আনি চামনিৰ সৃষ্টি কৰাত গুৱাহাটীয়ে বুধবাৰে এই ৰূপ লোৱা বুলি বিষেজ্ঞসকলে প্রকাশ কৰিছে । প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য মতে গুৱাহাটীৰ বায়ুৰ মান সূচাংক ( এয়াৰ কোৱালিটী ইনডেক্স ) ৩৫০ অতিক্ৰম কৰে ৷গুৱাহাটীৰ প্ৰদূষণে দিল্লীক অতিক্রম কৰিবলৈও বেছি দিন নালাগিব ।পৰিষদৰ তথ্য মতে বিশ্বৰ অধিক প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটীয়ে ৫০ সংখ্যাক স্থান স্পৰ্শ কৰিছে । ধুলি , কুঁৱলীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেী চলাচল বন্ধ ৰাখিবলৈও বাধ্য হয় । ইফালে  ধুলি ধুমুহাৰ বাবে গুৱাহাটীত চাৰিখনকৈ বিমানে অৱতৰণ কৰিব নোৱাৰি উভতি যাব লগা হ'ল কলকাতালৈ । জয়পুৰৰ পৰা গুৱাহাটীলৈ অহা স্পাইচজেটৰ এখন , বেংগালুৰুৰ পৰা গুৱহাটীলৈ অহা এয়ার এছিয়াৰ আন এখন বিমানৰ লগতে মুঠ ৪ খন বিমানে বায়ুমণ্ডলত সৃষ্টি হোৱা ধুলিৰ ভয়ংকৰ আস্তৰণৰ বাবে বৰঝাৰত অৱতৰণ কৰিব নোৱাৰিলে । যাৰ ফলত চাৰিওখন বিমানকে ডাইভাইন কৰি কলকাতাত অৱতৰণ কৰোৱা হয় । পৰিৱেশবিদসকলৰ মতে মহানগৰীত অবিজ্ঞানসন্মতভাবে বৈধ - অবৈধ নিৰ্মাণ কাৰ্যৰ বাবেই ধুলিৰ মাত্রা বৃদ্ধি পাইছে । মহানগৰীৰ ভিন্ন স্থানত নিৰ্মাণৰত ৭ খন উৰণীয়া সেঁতুব আন্তঃগাঁথনিৰ বাবে প্রায় ৩০০০ গছ কাটি বন ধ্বংস করাত প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে ৷ উদীয়া সেতুৰ নিৰ্মাণৰ লগতে চৰকাৰী - বেচৰকাৰী অট্টালিকা নিৰ্মণৰ ফলতো ধূলি তথা বায়ুমণ্ডলত ভাসমান কণা ( PM আৰু PM10 ) ৰ মাত্ৰা অস্বাভাবিক হাৰত বৃদ্ধি পাইছে । তদুপৰি যানবাহন আৰু কল কাৰাখানাৰ পৰা কার্বন নির্গমণ বৃদ্ধি পোৱাত বায়ু মণ্ডলত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ'জেন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে ।মহানগৰীৰ বায়ুমণ্ডল ধূলিময় হৈ পৰাত নাগৰিকৰ বিভিন্ন ৰোগে দেখা দিছে । বিশেষকৈ শিশু আৰু বৃদ্ধি লোকসকল হাঁওফাও ৰোগত আক্ৰান্ত হোৱাৰ লগতে সুস্থ সবল লোকসকলো জ্বৰ , কাহ তথা বিভিন্ন চর্ম ৰোগত আক্ৰান্ত হৈছে । প্ৰদুষণৰ বাবেই মহানগৰীৰ বাসিন্দাৰ ৰোগ বৃদ্ধি পোৱা বুলি চৰকাৰ - প্ৰশাসনৰ লগতে ৰাইজক সতৰ্ক কৰি দিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই । বৰষুণ হ্রাস পোৱাৰ বাবে প্ৰদূষণ প্রতিৰোধমূলক ব্যৱস্থা হিচাপে মহানগৰীৰ গছ - গছনি তথা পথ - উপপথসমূহত পানী ছাটওৱাৰ ব্যৱস্থা কৰিবলৈও গুৱাহাটী পৌৰ নিগমক পৰামৰ্শ দিছে জোষ্ঠ চিকিসকজনে । ইয়াৰোপৰি অন্তত ১০ দিনৰ বাবে মহানগৰী সকলোধৰণৰ চৰকাৰী বেচৰকাৰী নিৰ্মাণ কাৰ্য বন্ধ ৰাখি ৰাইজৰ মাজত জনস্বাস্থ্যক লৈ সজাগতাৰ সৃষ্টিত গুৰুত্ব দিবলৈও সচেতনমহলে সামাজিক মাধ্যমযোগে চৰকাৰক আহ্বান জনাইছে ।  বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৫ দিনলৈ গুৱাহাটীৰ বৰষুণৰ কোনো সম্ভাৱনা নাই বুলিও জানিবলৈ দিছে ।গুৱাহাটীত আগন্তুক ৫ দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা নাই । ধুলিময় কুঁৱলী সদৃশ প্রতিৱেশে আৱৰি থাকিব মহাগৰ ।

No comments