Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~অষ্টাদশ খণ্ড

 


                (মালবিকা শৰ্মা, ভুবনেশ্বৰ)


      ফেচবুকৰ জৰিয়তে এতিয়ালৈকে অসংখ্য ব্যক্তিক লগ পাইছো। পিছলৈ কিছুমানৰ প্ৰকৃত ৰূপ জানি উঠি আনফ্ৰেণ্ড কৰিছো, কিছুমানক ব্লক কৰিবলগীয়াও হৈছে। আনহাতে কিছুমানৰ সৈতে সম্পৰ্ক গভীৰ হৈ পৰিছে। তাৰে কেইগৰাকীমান প্ৰিয় ব্যক্তিৰ সৈতে দেখা হ’ল অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ সভালৈ গৈ। হিৰন ভূঞা বাইদেও, দেবীকা বাইদেও, সুৰেইয়া বাইদেও, ৰুমা বাইদেও, সদানন্দ দাদাৰ লগতে আন সকলো সদস্যকে সভাত সন্মুখত লগ পালো, ভালকৈ তেওঁলোকৰ সৈতে চিনাকী হ’লো। সকলোৰে সহজ, আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ দেখি বৰ ভাল লাগিল।

     হিৰন ভূঞা বাইদেওৰ সৈতে মোৰ চিনাকী মহাবাহু আলোচনীত লেখা পঠিওৱাৰ সময়ৰ পৰাই। তেতিয়াৰ পৰাই তেওঁৰ মৰমী সম্বোধনটো শুনি বৰ ভাল পাও। আমাৰ মাজত ৱাটচএপৰ জৰিয়তে প্ৰায়েই খবৰ লোৱা দিয়া হৈয়ে থাকে। এইবাৰ লগ পাই আবেগতে দুয়ো দুয়োকে সাবটি ধৰিলোঁ। পখিলাৰ দৰে উৰি জপিয়াই কাম কৰি ফুৰা মৰমলগা মানুহজনীক দেখিলে ক’বই নোৱাৰি যে সাংঘাটিক গাঁঠিৰ বিষত তেওঁ ভুগি আছে। ইঞ্জেকচন লৈ হ’লেও বাইদেওে সভাৰ কামত দিনটো সক্ৰিয় হৈ থাকিল আৰু পিছৰ পিনে বিষ অতি বেছি হৈ অহাত হস্পিতালত ভৰ্তি হৈ তিনিদিন থাকিবলগীয়া হ’ল।

    আৰু এগৰাকী প্ৰিয় বাইদেও হ’ল দেবীকা বৰপূজাৰী বাইদেও। ইমান বেছি মৰমীয়াল বাইদেওজনীৰ কথাবোৰ শুনিলেই মনটো ভৰি যায়। মাজে সময়ে তেওঁ ফোন কৰি খবৰ লৈ থাকোতেই এক ধৰনৰ আত্মীয়তাই আমাৰ মাজত গঢ় লৈ উঠিছিল। এইবাৰ লগ পাওতে তেওঁ ইমান সুন্দৰকৈ মোক আকোৱালি ল’লে, মোৰ ভৰিৰ বিষৰ কথা শুনি মোক ধৰি ধৰি চাৰি মহলাৰ ওপৰত অনুষ্ঠিত হোৱা সভাত লৈ গ’ল, ইমান বেছি যত্ন ল’লে যে নিজৰ ঘৰৰ মানুহেও ইমানখিনি কাৰো বাবে নকৰিব। এদিন তেওঁৰ ঘৰলৈ মাতিও বিভিন্ন প্ৰকাৰৰ সুস্বাদু ব্যঞ্জনেৰে আমাক পেট ভৰাই খোৱালে। তাতে তেওঁৰ অতি মৰমৰ কুকুটিনু আৰু লগৰকেইটাক (মেকুৰী) লগ পালোঁ যদিও সৰুৰেপৰা কুকুৰ, মেকুৰীৰ প্ৰতি থকা ভয়টোৰ বাবে কাষ চাপিবলৈ সাহস নহ’ল।

     আমি দেবীকা বাইদেওৰ ঘৰলৈ যাম বুলি খবৰ পাই আন এগৰাকী মৰমীয়াল সুৰেইয়া জাহান বাইদেওে আমাক দেখা কৰিবলৈ আহিল। সুৰেইয়া বাইদেও দেবীকা বাইদেওৰ ঘৰৰপৰা খোজ কাঢ়ি যাব পৰা দূৰত্বত থাকে। দেখাত বেছ ধুনীয়া বাইদেও গৰাকীৰ কথা-বাৰ্তাও বৰ সুন্দৰ। দুয়োগৰাকী বাইদেওৰ আন্তৰিকতাপূৰ্ন ব্যৱহাৰ আৰু মধুৰ কথাৰ সৈতে আনন্দেৰে এটা সুন্দৰ সন্ধিয়া পাৰ কৰিলোঁ। মোৰ লগত সঙ্গী হৈ যোৱা মা, মোৰ ল’ৰা আৰু ভাই-বোৱাৰী নীনাও বাৰুকৈয়ে উপভোগ কৰিলে সুন্দৰ সন্ধিয়াটো। বৰ্তমানৰ কৰ্মব্যস্ত যান্ত্ৰিক সমাজখনত এনে ধৰনৰ নিভাজ মৰম আৰু আন্তৰিকতা পোৱাটো সঁচাকৈয়ে ভাগ্যৰ কথা। জীৱনৰ ডায়েৰীখনত মুম্বাই ভ্ৰমণৰ অভিজ্ঞতা সদায় মনত থাকি যাব।(আগলৈ)

No comments