Breaking News

তুৰস্কৰ প্ৰলয়ৰ মাজতে অসমলৈও বিপদৰ জাননী



ডিজিটেল ডেস্ক : তুৰস্কৰ অৱস্থিতি বিশ্বৰ সৰ্বাধিক ভূমিকম্পন্নপ্ৰৱণ অঞ্চল হিচাপে বিবেচিত জ’ন -৫ ত । তুৰস্ক দেশখনৰ অভ্যন্তৰত পৃথিৱীৰ খোলাত আছে দুটা বিশাল ‘ ফল্ট ’ বা চ্যুতি । ইয়াৰে এটা চ্যুতি হৈছে পূব এনাটোলিয়ান চ্যুতি আৰু আনটো হৈছে উত্তৰ এনাটোলিয়ান চ্যুতি ।তুৰস্কৰ প্ৰলয়ৰ মাজতে অসমলৈও তুৰস্ক দেশখনৰ বৃহৎ অংশৰ অৱস্থিতি হৈছে এনাটোলিয়ান প্লেটৰ ওপৰত । এই টেকটনিক প্লেটখনক ঘেৰি ৰাখিছে আফ্রিকা , ইউৰেছিয়া আৰু আৰবীয় প্লেটে । তাৰে আফ্ৰিকা আৰু আৰবীয় প্লেটৰ সংঘৰ্ষৰ ফলত বাৰে বাৰে কঁপি উঠে তুৰস্ক । এইবাৰ ভূমিকম্পৰ ক্ষয় - ক্ষতি বৃহৎ হোৱাৰ কাৰণ হৈছে এই দুই প্লেটৰ খুন্দাখুন্দিৰ ফলত সৃষ্টি হোৱা কম্পনৰ বিশেষ তৰংগ । ভূতত্ববিদৰ দাবী , এইবাৰৰ সংঘৰ্ষত সৃষ্টি হোৱা ছাৰফেচ বেভ ’ বা ভূমিৰ সমান্তৰাল তৰংগই অত্যধিক ক্ষতিৰ কাৰণ । প্ৰকৃততে এই এনাটোলিয়ান প্লেটখন পূব এনাটোলিয়ান চ্যুতি আৰু উত্তৰ এনাটোলিয়ান চ্যুতিয়ে ফালি দুফাল কৰি থৈছে । উত্তৰ এনাটোলিয়ান চ্যুতিয়ে এনাটোলিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটক ফালি থৈছে আৰু পূৱ এনাটোলিয়ান চ্যুতিয়ে আৱীয়ান প্লেটক ভিতৰি ভিতৰি ফালি থৈছে । এনেদৰে দুটাকৈ বিশাল ‘ ফল্ট ’ অথবা চ্যুতিৰ ওপৰত তুৰস্ক দেশখন অৱস্থিত হোৱাৰ বাবে ই প্ৰৱলভাৱে ভূমিকম্পপ্ৰৱণ ।  বিগত ২৫ বছৰত দেশখনক ৰিখটাৰ স্কেলত ৭ ৰ অধিক প্ৰাৱল্যৰ ভূমিকম্প কম্পনে জোকাৰি গৈছে । শেহতীয়াকৈ ১৯৯৯ চনত হোৱা ৭.৬ প্ৰাৱল্যৰ এটা ভূমিকম্পই তুৰস্কত ১৭,৫০০ লোকৰ প্ৰাণ কাঢ়ি নিছিল । আনহাতে ২০২০ চনৰ জানুৱাৰীত হোৱা ৬.৮ প্লাৱল্যৰ আন এটা ভূমিকম্পই তুৰস্কৰ এলাজিগ চহৰৰ শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিছিল ।  অসমৰ অৱস্থিতিও বিশ্বৰ সৰ্বাধিক ভূমিকম্পপ্ৰৱণ অঞ্চলত । তুৰস্কৰ দৰে অসমকো সর্বাধিক ভূমিকম্পপ্রৱণ জ’ন -৫ ৩ ৰখা হৈছে । ইয়াৰ মূল কাৰণ হৈছে অসমৰ তলত পৃথিৱীৰ খোলাত থকা এটা বিশাল ফাট আৰু সেই ফাটটোৰ সৈতে ‘ হিমালয়ান মেইন থ্রাষ্ট'ৰ সংযোগ । অসমৰ তলেৰে যোগ এই ফাটটোক কপিলী ফল্ট বা কপিলী চ্যুতি বুলি কোৱা হয় । মণিপুৰৰ পৰা অসমৰ মাজেৰে অৰুণাচল হৈ ভূটান পর্যন্ত যোৱা এই কপিলী ফল্ট দৈর্ঘ্য ৩০০ কিলোমিটাৰ আৰু প্রস্থ ৫০ কিলোমিটাৰ । কপিলী ফল্ট ইণ্ডিয়ান টেকটনিক প্লেটৰ মাজত অৱস্থিত কিন্তু ই গৈ খুন্দা মাৰিছে ' হিমালয়ান মেইন থ্রাষ্ট ' আৰু ইউৰেছীয় টেকটনিক প্লেটক । এই কপিলী ফল্টৰ খুন্দা বা ইয়াৰ পৰা নিৰ্গত হোৱা ভূগৰ্ভস্থ শক্তিৰ ফলত অসম অৰু ইয়াৰ চৌপাশৰ অঞ্চলটোত ভূমিকম্প হয় । অৱশ্যে কেতিয়া এই কপিলী ফল্টে ভূমিকম্পৰ সৃষ্টি কৰিব সেই বিষয়ে আগতীয়াকৈ কোনেও ক'ব নোৱাৰে । কিন্তু শেহতীয়াকৈ অসমত যি ৬.৪ প্ৰাৱলাৰ ভুমিকম্পৰ সৃষ্টি হৈছিল আৰু তাৰ পাছত টা শক্তিশালী আফটাৰ্শ্ব সৃষ্টি হৈছিল তাৰ উৎপত্তি হৈছিল এই কপিলী ফল্টৰ খুন্দ বা শক্তি নির্গত হোৱাৰ ফলত । সৌভাগ্যবতঃ শেহতীয় এই আট ইকেইটা ভূমিকম্পৰ প্ৰৱল্য ৰিখটাৰ স্কেলত ৭ তকৈ কম । কিন্তু কপিলী ফল্টৰ যিকোনো ভূতাত্বিক পৰিৱর্তনে সাত বা ততোধিক প্ৰাৱল্যৰ ভূমিকম্পৰ উৎপত্তি যেতিয়াই তেতিয়াই ঘটাব পাৰে । যদিহে কপিলী ফল্ট ভূতাত্বিক পৰিৱৰ্তনৰ ফলত বা ইণ্ডিয়ান টেকটনিক প্লেটে ইউৰেছীয় প্লেটক মৰা খুন্দাৰ শক্তি যদি বৃহৎ হয় তেন্তে অসমত হ'বলগীয়া ভূমিকম্পৰ প্ৰাৱল্যও তুৰস্কৰ দৰে হ’ব পাৰে । তেনে পৰিস্থিতিত অসমৰ অৱস্থাও এতিয়া তুৰস্ক আৰু ছিৰিয়াৰ দৰে হৈ পৰিব ।  বৃহৎ নদীবান্ধৰ নিৰ্মাণে অঞ্চলটোৰ ভূতাত্বিক গঠনৰ প্ৰৱল ক্ষতি কৰি থৈছে । সেয়ে যদিহে অসমত তুৰস্কৰ দৰে প্ৰাৱল্যৰ ভূমিকম্প হয় তেন্তে অসমো তুৰস্কৰ দৰেই ধ্বংসস্তূপত পৰিণত হ'ব 

No comments