Breaking News

জামিন প্ৰক্ৰিয়াৰ সৰলীকৰণ নির্দেশাবলী নামানিলে ছুপ্ৰিম কৰ্টত হাজিৰ হ’ব লাগিব অসমৰ গৃহ সচিব...



 ডিজিটেল ডেস্ক: জামিন প্ৰক্ৰিয়াৰ সৰলীকৰণ নিৰ্দেশাৱলী নামানিলে ছুপ্ৰিম কৰ্টত হাজিৰ হ’ব লাগিব অসমৰ গৃহ সচিব... জামিন প্রক্রিয়া সৰল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা নিৰ্দেশাৱলী দুসপ্তাহৰ ভিতৰত পালন নকৰিলে সর্বোচ্চ ন্যায়ালয়ৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰাজ্যৰ গৃহ সচিব । সতিন্দৰ কুমাৰ আন্তিল ‘ গোচৰত আগবঢ়োৱা ৰায়দানত জামিন প্ৰক্ৰিয়া সৰল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে যি নির্দেশাৱলী তৈয়াৰ কৰিছিল সেয়া ৰাজ্যত সঠিকভাৱে পালন হোৱাটো নিশ্চিত কৰি ৰাজ্য চৰকাৰে দুসপ্তাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ এ এছ অ’কাৰ বিচাৰপীঠে এই নিৰ্দেশ দিছে । সতিন্দৰ কুমাৰ আস্তিল গোচৰত উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা ৰায়দান আৰু তাত জামিন প্ৰক্ৰিয়া সৰল কৰাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশাৱলী ৰাজ্যসমূহত পালন কৰা হৈছে নে নাই সেয়া বিবেচনা কৰাৰ সময়ত বিচাৰপীঠে এই নির্দেশ দিয়ে । উচ্চতম ন্যায়ালয়ে এই ৰায়দানৰ নিৰ্দেশাৱলী পালন হোৱাটো চোৱাচিতা কৰাৰ কাৰণে দায়িত্ব দিয়া এমিকাছ কিউৰি সিদ্ধাৰ্থ লুথৰাই শুনানিৰ সময়ত বিচাৰপীঠক জানিবলৈ দিয়ে যে চি বি আইৰ উপৰি ৩০ খন ৰাজ্যই এতিয়ালৈকে উক্ত ৰায়দানৰ নিৰ্দেশাৱলী পালন কৰাৰ প্ৰতিবেদন দাখিল কৰা নাই । এই ৰাজ্যসমূহৰ ভিতৰত অসম অন্তর্ভুক্ত । এই সকলো ৰাজ্যই দুসপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী পালন।উল্লেখযোগ্য যে সতিন্দৰ কুমাৰ আন্তিল গোচৰত উচ্চতম ন্যায়ালয়ে এই কথা আঙুলিয়াই দিছিল যে গ্ৰেপ্তাৰৰ সময়ত ফৌজদাৰী আইনৰ ৪১ আৰু ৪১ ( ক ) ধাৰাৰ নিয়ম পালন নকৰিলে অভিযুক্তই জামিন লাভ কৰিব পাৰে । সেয়েহে গ্রেপ্তাৰৰ সময়ত ফৌজদাৰী আইনৰ ৪১ আৰু ৪১ ( ক ) ধাৰাৰ নিয়মসমূহ পালন কৰাৰ বাবে সকলোকে সজাগ কৰি দিবলৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰক নিৰ্দেশ দিছিল ।

No comments