Breaking News

' ২০২২ চনত এটাও গঁড় নিধন হোৱা নাই কাজিৰঙাত । অসম চৰকাৰৰ বন বিভাগক উচ্চ প্রশংসা কৰিলে হলিউড অভিনেতা লিঅ'নার্ডো ডি কেপ্ৰিঅ'ই ।


ডিজিটেল ডেস্ক:  অসম চৰকাৰৰ বন বিভাগক ইয়াৰ বাবে উচ্চ প্রশংসা কৰিলে হলিউড অভিনেতা লিঅ'নার্ডো ডি কেপ্ৰিঅ'ই । বিখ্যাত টাইটেনিক চিনেমাৰ হিৰ তথা অস্কাৰ বিজয়ী অভিনেতা লিওনার্ডো ডি কেপ্রিঅই অসমক প্রশংসা কৰি নিজৰ ইষ্টাগ্ৰামত এনেদৰে ক'লে— ‘ ২০২১ বৰ্ষত ভাৰত চৰকাৰ , অসমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্ত প্রায় এশিঙীয়া গঁড় চোৰাংচিকাৰ অসমক প্রশংসা লিঅ'নাৰ্ডোৰ বন্ধ কৰাৰ প্ৰয়াস আৰম্ভ কৰে । ২০০০ চনৰ পৰা ২০২১ চনলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯০ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছিল । ২০২২ বৰ্ষত চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই কাজিৰঙাত এটাও গঁড়ৰ মৃত্যু হোৱা নাই । ১৯৭৭ চনৰ পাছত এয়া প্ৰথমবাৰৰ বাবে সম্ভৱ হৈছে । ' লক্ষণীয় নিজৰ ইষ্টাগ্ৰাম প্ৰফাইলত এনেদৰে কাজিৰঙাত গঁড় হত্যা বন্ধ হোৱাৰ খবৰ দি অসমক বিশ্ববাসীৰ আগত প্রশংসা কৰিলে লিঅনার্ডো কেপ্ৰিঅ'’ই । 

No comments