Breaking News

৫০ কোটি লোকচানত কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ বিক্ৰীৰ যো - জা



 ডিজিটেল ডেস্ক: বন্ধ কৰি দিয়া কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ ৫০ কোটি টকা লোকচানত চৰকাৰৰ ঘনিষ্ঠ ঠিকাদাৰক বিক্ৰীৰ পৰিকল্পনা। এই অভিযোগ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ । প্ৰদেশ কংগ্ৰেছৰ মতে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাজ্যখনৰ দুটা কাগজ উদ্যোগ জাগীৰোড কাগজ কল আৰু কাছাৰৰ পাঁচগ্রাম কাগজ কল লোকচান ভৰি থকাৰ নামত বন্ধ কৰি দিয়াৰ পিচত এইবাৰ জাগীৰোড কাগজ কঁলৰ অৱশিষ্ট যন্ত্রাংশ ( স্ক্ৰেপ ) বিক্ৰীৰ নামত বিয়াগোম জালিয়াতিৰ আশ্রয় লৈছে।ৰাজ্যৰ ৰাজকোষক প্রায় ৫০ কোটিৰো অধিক ধনৰ পৰা বঞ্চিত কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে । এই গুৰুতৰ অভিযোগ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ।ৰাজীৱ ভৱনত এখন সংবাদমেলত দলৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই এই অভিযোগ তুলি কয় যে সমগ্ৰ ৰাজ্যখনকে এতিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । সংবাদমেলত প্রদেশ কংগ্ৰেছৰ নেতাজনে কয়— ' জাগীৰোড কাগজ কলৰ ‘ দ্রূেপ ’ বিক্ৰীৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে ( এ আই ডি চি ) আহ্বান কৰা নিবিদা জাননীৰ প্ৰতি সঁহাৰি জনাই ছটা বিভিন্ন প্রতিষ্ঠানে জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ ( স্ক্রেপ ) ক্ৰয়ৰ বাবে নিবিদা দাখিল কৰিছিল । ইয়াৰে সৰ্বাধিক নিৰিখ ( ১৩১,৩৩,৩৩,৩৩৩.০০ টকা ) ত নিবিদ্য দাখিল কৰিছিল শৈলজা কমার্চিয়েল কনস্ট্রাকচন প্রাইভেট লিমিটেড নামৰ থলুৱা মালিকানাধীন প্রতিষ্ঠানটোৱে । দ্বিতীয় সর্বাধিক নিৰিখ ( ১০৫,৫৫,৫৫,৫৫৫.০০ টকা ) আছিল বজৰংবলী বাণিজ্য প্রাইভেট লিমিটেডে আৰু তৃতীয় সর্বাধিক নিৰিখ ( ৯৫,০০,০০,০০০.০০ টকা ) ষ্টীল ছেগমেণ্ট চেণ্টাৰ প্ৰাইভেট লিমিটেডে দাখিল কৰিছিল । যদিও এই সর্বোচ্চ নিৰিখত ‘ স্কেপ ' ক্ৰয় কৰিবলৈ নিবিদা দিয়া প্রথম তিনিওটা প্রতিষ্ঠানকে ক্ষমতাৰ জোৰত ‘ অযোগ্য ' দেখুৱাই বাকী নিম্ন নিৰিখৰ নিৰ্বিদা দাখিল কৰা প্রতিষ্ঠান তিনিটাক যোগ্যতাৰ মোহৰ মাৰি মুখ্যমন্ত্ৰীৰ পছন্দৰ জনৈক ‘ গোৱেংকা ' মালিকানাধীন প্রতিষ্ঠানক ৫০ কোটি টকাৰ লোকচানত কাম দিবলৈ প্ৰায় থিৰাং কৰি পেলোৱা হৈছে । দিছপুৰৰ নিৰ্দেশত ‘ যোগ্যতাৰ বাছনি'ত উঠা আৰু ৫০ কোটিতকৈ অধিক টকাৰ কম নিখিত নিবিদা দাখিল কৰা প্ৰতিষ্ঠান তিনিটা হ'ল– ( ১ ) কে ডি আইন এণ্ড ষ্টীল কোম্পানী ( ৮১,০০,০০,০০০.০০ টকা ) , ( ২ ) ছানৱামল খেটাৱত ( ৭৫,২৫,০০,০০০.০০ টকা ) আৰু ( ৩ )  ৭৫,১৫,০০,০০০,০০ টকা ) । ' গোৱেংকা ' উপাধিৰ ব্যৱসায়ীগৰাকীৰ ‘ কে ডি আইন এণ্ড ষ্টীল কোম্পানীক ৮২ কোটি টকাত সমস্ত কাম সঁপি দিবলৈ ইতিমধ্যে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে সিদ্ধান্ত চূড়ান্ত কৰিছে । ' এই কথা প্রকাশ কৰি কংগ্ৰেছ নেতা মহন্তই কয় যে সর্বাধিক নিখিত ‘  উচ্চ পর্যায়ৰ তদন্ত অসম প্রদেশ কংগ্ৰেছে দাবী কৰিছে আৰু মুখ্যমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত এটা সুস্পষ্ট স্থিতি কংগ্ৰেছে বিচাৰে । অন্যথা স্পষ্ট হৈ পৰিব যে থলুৱা ব্যৱসায়ীৰ প্ৰতিষ্ঠানক বঞ্চিত কৰি আৰু ৰাজকোষৰ এক বৃহৎ অংকৰ ধন লোকচান ভৰিবলৈ প্ৰস্তুত হিমন্তবিশ্ব শৰ্মা এই কেলেংকাৰীৰ সৈতে ওতপ্রোতভাবে জড়িত । কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষগৰাকীয়ে কয়— ' কংগ্ৰেছ বহু বছৰ ৰাজ্যৰ শাসনত আছিল । প্রশাসনত আমাৰো মানুহ আছে । বহু শীর্ষ বিষয়াই এতিয়াও কংগ্ৰেছৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছে আৰু দুৰ্নীতি অনিয়মৰ অনেক তথ্য সময়ে সময়ে আমাক যোগান ধৰি আছে । কিন্তু আমি গোপনীয়তা ৰক্ষা কৰি চলো , কোনো পৰিস্থিতিতে সেইসকলৰ পৰ্চিয় আমি ৰাজহুৱা কৰাৰ প্রশ্ন নাই । জাগীৰোড কাগজ কলৰ এই গোপন জালিয়াতিৰ অধিক বিস্তৃত তথ্য প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ হাতলৈ আহিব । অচিৰেই এই সকলো তথ্য ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি সক্ষম হ'ম ।

No comments