Breaking News

ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল....



ডিজিটেল ডেস্ক: ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল.....চৰকাৰলৈ জৰুৰীকালীন বিধি ঘোষণাৰ প্ৰস্তাৱ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ - খোৱা পানী কঢ়িওৱা গাড়ীৰে গুৱাহাটীৰ পথত পানী ছটিওৱাৰ চেষ্টা জি এম চিৰ সতৰ্ক কৰিলে চিকিৎসকে— বিষাক্ত দ্রব্যই সৃষ্টি কৰিব হাওঁফাওঁৰ স্থায়ী ৰোগৰ  হৃদৰোগ , হাওঁফাওঁৰ কৰ্কট , ছাল - চকুৰ ৰোগ , এজমাৰ সম্ভাৱনা , কাহৰ লগত জ্বৰ হ’লৈ শীঘ্ৰে চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ  জীৱশ্রেষ্ঠ মানুহৰ ভুলৰ ফলতে হওক বা চৰকাৰৰ উপযুক্ত নীতি ব্যৱস্থাপনাৰ অভাৱতে হওক অতি ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বায়ু প্ৰদূষণ । দিল্লীৰ পিচতে ভয়াৱহ ৰূপত প্ৰদূষিত চহৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী । বিষাক্ত দ্রব্য , ধূলিকণাৰে পৰিপূৰ্ণ ধূলিময় বায়ুৱে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে জনজীৱনৰ স্বাস্থ্যলৈ । কালি বুধবাৰে ধূলিয়ৰি পৰিবেশে আচ্ছন্ন কৰা গুৱাহাটী মহানগৰীৰ পৰিবেশ দেখি আতংকিত হৈ পৰিছে গুৱাহাটীবাসী । জনজীৱনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে চিকিৎসকসকল ।  গুৱাহাটী মহানগৰীৰ এনে ভয়াৱহ বায়ু প্ৰদূষণলৈ লক্ষ্য কৰি ৰাইজ তথা চৰকাৰলৈ সাবধানবাণী আগবঢ়াইছে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে । । গুৱাহাটীত উদ্ভৱ হোৱা এনে ভয়াবহ পৰিবেশ বাহাল থাকিলে ল'বলগা জৰুৰীকালীন বিভিন্ন ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াই চৰকাৰলৈ এই খচৰা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে । এই সন্দৰ্ভত বিশিষ্ট পৰিবেশ বিজ্ঞানীগৰাকীয়ে কয়— পৰিবেশ যদি খুব মাৰাত্মক পর্যায়লৈকে যায় আৰু এয়া যদি ৪৮ ঘণ্টালৈকে বাহাল থাকে তেনেহ'লে গুৱাহাটী মহানগৰীৰ অৱস্থা খুব বিপজ্জনক হৈ পৰিব । তেনে অৱস্থাত চৰকাৰীভাৱে কিছুমান ব্যৱস্থা , কাৰ্যসূচী ল'ব পাৰে । যেনে— নিৰ্মাণৰ কাম কমাই দিয়াৰ লগতে পাহাৰ খননৰ কাম কমাই দিব লাগিব । ৰাজপথত গাড়ী - মটৰ চলাচল কিছু হ্রাস কৰিব পাৰে । তদুপৰি প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগসমূহৰ ক্ষেত্ৰতো হস্তক্ষেপ কৰা হয় । তাক লৈ প্ৰদূষণ নিয়ন্ত্রণ বাৰ্ডে জৰুৰীকালীন বিধি ব্যৱস্থাক সামৰি চৰকাৰলৈ খচৰা প্ৰভাৱ পঠাইছে । 'ইফালে কালি ধূলিৰ ধুমুহাৰে ধুঁৱলী - কুঁৱলী হৈ পৰা গুৱাহাটীৰ ভয়ংকৰ পৰিবেশ দেখি বিভিন্ন মহল উদ্বিগ্ন হোৱাৰ পিছত ৰাজপথৰ ধূলি কমাবলৈ কিছু পৰিমাণে সচেষ্ট হৈছে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষ ।। ধুলিয়ৰি পথত পানী ছটিওৱাৰ বাবে উপযুক্ত অত্যাধুনিক বাহন নথকা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) এতিয়া মহানগৰীৰ ঠায়ে ঠায়ে খোৱাপানী বিতৰণ কৰা বাহনেৰে পানী ছটিয়াই ৰাজপথৰ ধূলি কমোৱাৰ চেষ্টা কৰিছে । এনেক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ সীমাবদ্ধতা তথা অসহায়ক অৱস্থাক স্বীকাৰ কৰি নিগমৰ যুটীয়া আয়ুক্ত মৃগাংক চৌধুৰীয়ে সংবাদ মাধ্যমক জনোৱামতে পথত পানী ছটিওৱাৰ বাবে প্ৰয়োজনীয় বিশেষ বাহন নথকা গুৱাহাটী পৌৰ নিগমে এনে বাহন ক্ৰয়ৰ বাবে অৰ্ডাৰহে দিব আৰু সেয়া আহি পাবলৈ প্ৰায় এমাহ লাগিব ।  অনুষ্ঠিত হোৱা মেয়ৰ আৰু কাউন্সিলৰৰ বৈঠকত দুখন অত্যাধুনিক বাহন আৰু দুটা যন্ত্ৰ ক্ৰয় কৰাৰ বাবে প্রস্তাব দাখিল কৰা হ'ব আৰু এই প্ৰস্তাৱতে অনুমোদন জনালে ই - মার্কেটিঙৰ জৰিয়তে ইয়াৰ অৰ্ডাৰ দিয়া হ'ব বুলি যুটীয়া আয়ুক্তগৰাকীয়ে কয় । ইফালে ভয়ংকৰ বায়ু প্ৰদূষণে জনস্বাস্থ্যলৈ কঢ়িয়াই অনা ভয়ংকৰ ভাবুকিৰ কথা সদৰী কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ( জি এম চি এইচ ) ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই সংবাদ মাধ্যমক জনোৱামতে মানুহে লোৱা উশাহৰ লগত বায়ুত থকা বিষাক্ত দ্রব্যসমূহ গৈ হাওঁফাওঁত জমা হোৱাৰ ফলত এজমা ৰোগৰ লগতে হৃদৰোগীসকলৰো সমস্যাৰ সৃষ্টি হয় । এই দ্ৰব্যবোৰ হাওঁফাওঁৰ ভিতৰত থাকি গ'লে হাওঁফাওঁৰ বহু ধৰণৰ ৰোগ হ'ব পাৰে আৰু এইবোৰ ৰোগ স্থায়ী হৈ পৰে । ইয়াৰ লগতে ছালৰ বেমাৰ , চকুৰ ৰোগ , হাওঁফাওঁৰ কৰ্কট আদি বিভিন্ন ৰোগ হ'ব পাৰে বুলিও জি এম চি এইচৰ অধীক্ষকগৰাকীয় কয় । অধীক্ষকগৰাকীয়ে লগতে কাহ হৈ থাকিলে ভাপ লোৱাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে কাহৰ লগত জ্বৰ হ'লে চিকিৎসালয়লৈ যাবলৈ জনগণক পৰামৰ্শ আগবঢ়ায় । ইফালে ভয়াবহ বায়ু প্ৰদূষণৰ বাবে শেহতীয়াভাৱে জি এম চি এইচকে ধৰি বিভিন্ন চিকিৎসালয়ত বিভিন্ন ৰোগীৰ সংখ্যা দুগুণে বৃদ্ধি পাইছে ।

No comments