Breaking News

অল ইণ্ডিয়া প্ৰফেছনেল কংগ্ৰেছৰ অসম গোট ঠিকাদাৰৰ প্ৰাপ্য ৩০,০০০ কোটিক লৈ স্পষ্টীকৰণ দাবী



ডিজিটেল ডেস্ক....  ৰাজ্য চৰকাৰৰ নিৰন্তৰ ঋণৰ পৰিপ্ৰেক্ষিতত অল ইণ্ডিয়া প্রফেচনেলছ কংগ্ৰেছ ( এ আই পি চি ) ৰ অসম গোটে অসম চৰকাৰৰ বিত্তীয় স্থিৰতাক লৈ গুৰুতৰ উদ্বেগ প্রকাশ কৰিছে । অল ইণ্ডিয়া প্ৰফেছনেল কংগ্ৰেছৰ অসম গোট ঠিকাদাৰৰ প্ৰাপ্য ৩০,০০০ কোটিক লৈ স্পষ্টীকৰণ দাবী.... অসম প্রদেশ কংগ্ৰেছৰ সম্পাদক আৰু এ আই পি চিব ৰাজ্যিক গোটৰ সভাপতি গৌৰৱ ছোমানিয়ে  এটা বিবৃতিত কয়— ' পৰিস্থিতি এনেকুৱা যে অসম চৰকাৰৰ কোষাগাৰ খালী আৰু ৰাজ্য চৰকাৰ দেউলীয়া হোৱাৰ পথত । ' ছোমানিয়ে চৰকাৰক ৰাজ্য চৰকাৰৰ কোষাগাৰৰ বিত্তীয় স্থিতি কি সেই বিষয়ে ৰাজহুৱা কৰিবলৈ কোৱাৰ লগতে কয় যে অসম কোষাগাৰত থকা আন্তর্জাতিক মুদ্রা নিধি , বিশ্ব বেংক , এছিয়ান ডেভেলপমেন্ট বেংক আৰু অন্যানাৰ দৰে বিত্তীয় প্রতিষ্ঠানৰ পৰা লোৱা ঋণহে , উপার্জিত ৰাজহ নহয় । কাম সম্পূৰ্ণ কৰাৰ পিচতো মাহৰ পৰা বছৰপর্যন্ত বিল আদায় নোপোৱাৰ বাবে অসমৰ বিভিন্ন ঠিকাদাৰে আত্মহত্যা কৰাৰ উপক্ৰম হৈছে । সভাপতি ছোমানিয়ে লগতে কয় যে যোৱা কেইবছৰমানৰ পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা ২০,০০০ কোটি টকাৰ অধিক পুঁজিৰ ব্যৱহাৰৰ প্রমাণপত্র পাবলৈ বাকী আছে । পুজি ব্যৱহাৰৰ প্রমাণপত্রই অনুদানৰ অপব্যৱহাৰক অস্বীকাৰ কৰে । গতিকে আবণ্টিত ধনৰ সঠিক ব্যৱহাৰ হৈছে নে নাই , সেই কথা প্রমাণ কৰিবলৈকে বিভাগবোৰে ব্যৱহাৰৰ প্রমাণপত্র প্রকাশ কৰা উচিত । 

No comments