Breaking News

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ চাপ্ৰেই দাখিল কৰা প্রতিবেদন গ্রহণ অসমৰ ২৮,৫৫৬ বাগিচা কৰ্মচাৰীক ৬৫০ কোটিৰ বকেয়া আদায়ৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ


 ডিজিটেল ডেস্ক:
অসমৰ ২৮,৫৫৬ জন চাহ বাগানৰ কৰ্মচাৰীক ৬৫০ কোটি টকাৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে । ৰাজ্যখনৰ ২৫ খন বাগিচাৰ এই কৰ্মচাৰীসকলক ভৱিষ্যনিধিৰ লগতে অন্যান্য শিতানৰ বকেয়া আদায় দিয়াৰ কাৰণে উচ্চতম ন্যায়ালয়ে উক্ত নির্দেশ দিয়ে ।২০২০ চনত উচ্চতম ন্যায়ালয়ে গঠন কৰি ন্যায়াধীশ চাপ্ৰে কমিটীৰ প্রতিবেদনৰ ভিত্তিত সর্বোচ্চ ন্যায়ালয়ে অসমৰ ২৫ খন চাহ বাগানৰ ২৮ হেজাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নির্দেশ দিয়ে । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অভয় মনোহৰ  অসমৰ চাহ বাগান সন্দৰ্ভত দাখিল কৰা প্রতিবেদন গ্রহণ কৰি ন্যায়ালয়ে জাৰি কৰা নির্দেশত কয় যে অসম চৰকাৰৰ অসম চাহ কোম্পানী লিমিটেড আৰু ৰাজ্যখনৰ আন ব্যক্তিগত বাগানসমূহে কৰ্মচাৰীসকলক বকেয়া ধন আদায় দিয়াৰ ক্ষেত্ৰত ন্যায়াধীশ চাপ্রে কমিটীয়ে যি প্রতিবেদন দাখিল কৰিছে সেয়া গ্ৰহণ কৰা হৈছে।অসমৰ বাগানসমূহৰ ক্ষেত্ৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি ২৫ খন বাগানে ২৮,৫৫৬ জন কৰ্মচাৰীক প্ৰায় ৪১৪.৭ কোটি টকা বিভিন্ন শিতানত আদায় দিবলগাৰ লগতে প্রায় ২৩০.৭ কোটি টকা কৰ্মচাৰীসকলৰ ভৱিষ্যনিধি শিতানত জমা দিবলৈ আছে । ইফালে ২০১৮ চনত ন্যায়ালয়ে অন্তৱৰ্তীকালীন পৰিশোধ হিচাপে ৯৯ কোটি টকা আদায় দিবলৈ নিৰ্দেশ দিছিল আৰু সেই ধন অসম চৰকাৰে প্ৰদান কৰিছিল । কমিটীয়ে কৈছে যে সেই ধন অসম চৰকাৰে অসম চাহ কোম্পানী লিমিটেডৰ পৰা এতিয়া ঘূৰাই ল'ব পাৰে । এই শুনানিত অসম চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি জ্যেষ্ঠ অধিবক্তা সঞ্জিত কুমাৰে কমিটীৰ প্ৰতিবেদনত আপত্তি দৰ্শাই এয়া সপ্তম বেতন আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্রস্তুত কৰাৰ কথা কয় ।

No comments