Breaking News

২৬ পলিটেকনিকত চৰম অচলাৱস্থা

 


ডিজিটেল ডেস্ক: প্ৰতিযোগিতামূলক পৃথিৱীত নিবনুৱাই কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ নিয়োগ , সংস্থাপন লাভৰ এক বিশাল সুযোগ , সম্ভাৱনাৰ সৃষ্টি হৈছে । কাৰিকৰী শিক্ষাত দক্ষ যুৱক - যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈও সক্ষম হৈছে । ছাত্র - ছাত্ৰীক কাৰিকৰী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা ৰাজ্যৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহ সম্প্ৰতি চৰম দুৰ্যোগৰ মাজত সোমাই পৰিছে ।  দীর্ঘদিন ধৰি সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনাই অহাৰ পিচতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত শিক্ষক - শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ - ছাত্ৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । ৰাজ্যত বৰ্তমান পলিটেকনিক শিক্ষানুষ্ঠানৰ সংখ্যা হৈছে ২৬। কাৰিকৰী শিক্ষাৰ ওপৰত চৰকাৰে গুৰুত্ব দি ২০১৭ চনত বান্ধা , বৰপেটা , ধেমাজি , গোৱালপাৰা , গোলাঘাট , কামৰূপ , কৰিমগঞ্জ , লখিমপুৰ , নলবাৰী , শিৱসাগৰ আৰু শোণিতপুৰত নতুনকৈ ১১ খন স্থাপন কৰাত ৰাজ্যত মুঠ পলিটেকনিকৰ সংখ্যা ২৬ লৈ বৃদ্ধি পায় ।পলিটেকনিকসমূহে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ বাবে ব্যবস্থা নল'লে   । অতি আশ্চর্যজনক বিষয় যে এক লাখ যুৱক - যুৱতীক নিযুক্তি প্ৰদানৰ বাবে পদক্ষেপ লৈ অহা চৰকাৰখনৰ কার্যকালতে ৰাজ্যত ২৬ খনকৈ কলেজত খালী হৈ পৰি আছে ৪৫০ টাকৈ গুৰভাৰ পদ । ১৫ সহস্রাধিক ছাত্র - ছাত্রীয়ে অধ্যয়ন কৰি থকা পলিটেকনিকসমূহত অকল ৪৫০ টা শিক্ষকৰ পদ খালী থকাত বিভাগে বিভাগে সৃষ্টি হৈছে হাহাকাৰৰ । এক সূত্রই জনোৱামতে কম্পিউটাৰ ইঞ্জিনীয়াৰিং , ইলেক্ট্রিকেল , মেকানিকেল , মেকানিকেল অৰ্ট ম'বাইল , চিভিল , মাইনিং , কেমিকেল , বায় মেডিকেল , প্রিন্টিং , ইলেক্ট্ৰ'নিক এণ্ড টেলিকমিউনিকেচন , ফুড প্রচেছিং , আর্কিটেকচাৰ , ইণ্ডাষ্ট্রিয়েল প্ৰডাকচন , এগ্রিকালচাৰ , ইনস্ট্রুমেণ্টেচন , মডার্ন অফিচ মেনেজমেণ্ট , ফেশন টেকন'ল'জি , গার্মেন্ট টেকন'লজি , টেক্সটাইনল ডিজাইন আদিৰ শিক্ষা প্ৰদান কৰি আহিছে । কিন্তু ৪৫০ টাকৈ পদ খালী থকাত এতিয়া ওপৰোক্ত বিভাগসমূহত শিক্ষাদানৰ বাবে নাই পর্যাপ্ত শিক্ষক । ফলত ছাত্র ছাত্রীসকলে চৰম দুর্ভোগ ভোগ কৰিবলগা হৈছে । আনকি পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে গোৱালপাৰাৰ পলিটেকনিকৰ চিভিল বিভাগ , গোলাঘাটৰ ৰেছিডেন্সিয়েল পলিটেকনিক ইলেক্ট্রনিক এণ্ড টেলিকমিউনিকেচন বিভাগ , চিৰাং পলিটেকনিকৰ ইলেক্ট্রিকেল বিভাগ , মৰিগাঁও পলিটেকনিকৰ চিভিল বিভাগ চলিছে মাত্র এজন এজন শিক্ষকেৰে । এয়া মাত্র কেইখনমান পলিটেকনিকৰ উদাহৰণহে । আন এক গুৰুত্বপূর্ণ বিষয় যে এ আই চি টি ইৰনিয়ম অনুসৰি প্ৰতিখন পলিটেকনিক শিক্ষানুষ্ঠানত স্থায়ী অধ্যক্ষ থাকিব লাগে । কিন্তু এ আই চি টি ইৰ নিয়ম উলংঘাৰে ৰাজ্যৰ সিংহভাগ পলিটেকনিক চলিছে ভাৰপ্ৰাপ্ত অধ্যক্ষৰেহে । অকল শিক্ষকেই নহয় , পলিটেকনিকসমূহত পর্যাপ্ত ৰূপত নাই তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীও । সূত্ৰটোৰ তথ্যমতে আজিৰ তাৰিখত পলিটেকনিকসমূহত ৩৪৬ টাকৈ তৃতীয় - চতুর্থবৰ্গৰ পদ খালী হৈ পৰিছে ।কেইবাখনো জিলাৰ পলিটেকনিকত প্রিণ্টিং টেকন'ল'জি বিভাগত নাই পর্যাপ্ত মেচিন । অনুৰূপধৰণে কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনীয়াৰিং বিভাগত পর্যাপ্ত ৰূপত নাই লাইচেন্স ছফ্টৱেৰ ।২০১৭ চনত স্থাপন কৰা পলিটেকনিকসমূহৰ অংশকালীন প্রবক্তাসকলেও চৰম দুৰ্যোগৰ মাজত কর্তব্য সম্পাদন কৰিবলগা হৈছে ।  চৰকাৰে এইসকল প্ৰবক্তাৰ চাকৰি আজিপর্যন্ত নিয়মীয়া নকৰিলে । কাৰিকৰী শিক্ষা সঞ্চালকালয়ে বিজ্ঞাপন প্ৰকাশ কৰি সম্পূর্ণ স্বচ্ছ , নিকা প্ৰক্ৰিয়াৰে মেধাসম্পন্ন প্রার্থীসকলক অংশকালীন প্রবক্তাৰ বাবে বাছনি কৰিছিল । আনকি নিযুক্তিৰ সময়ত শিক্ষাৰ মূল প্রমাণপত্র , মার্কশ্বিটসমূহ আমানত হিচাপে ৰখাৰ লগতে অন্য চৰকাৰী বা বেচৰকাৰী কামত নিয়োজিত নহওঁ বুলি প্ৰাৰ্থীসকলে শপতনামাত স্বাক্ষৰ কৰিবলগা হৈছিল । এনে কঠোৰ নীতি - নিয়মৰ মাজেৰে নিযুক্তি পোৱা প্ৰাৰ্থীসকলৰ চাকৰি আজিকোপতি নিয়মীয়া নকৰিলে চৰকাৰে ।

No comments