Breaking News

আম্বানিৰ চিৰিয়াখানালৈ ঘোং প্ৰেৰণত হস্তক্ষেপ নকৰিলে



 ডিজিটেল ডেস্ক: আম্বানিৰ চিৰিয়াখানালৈ ঘোং প্ৰেৰণত হস্তক্ষেপ নকৰিলে......অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ঘোং আম্বানিৰ গুজৰাটৰ জামনগৰত থকা গ্রীনছ জুল'জিকেল ৰেছকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰলৈ প্ৰেৰণ কৰা প্ৰক্ৰিয়াত কোনো হস্তক্ষেপ নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । অৱশ্যে গুজৰাটৰ জামনগৰত থকা আন এক প্রতিষ্ঠান ৰাধেকৃষ্ণ টেম্পল এলিফেন্ট ৱেলফেয়াৰ ট্রাষ্টত অসমৰ হাতী বা অন্য বন্যপ্রাণী ৰখাৰ ক্ষেত্ৰত আইন ভংগ হ'ব সেয়া আদালতৰ দৃষ্টিলৈ অনাৰ বাবে নির্দেশনাত উল্লেখ কৰিছে ন্যায়ালয়ে ।কৌস্তভমণি কাকতি নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ( পি আই এল ) শুনানি লৈ ন্যায়ালয়ে ঘোং প্ৰেৰণ কৰা প্ৰক্ৰিয়াত কোনো আইনবহির্ভূত ঘটনা সংঘটিত হোৱাটো প্ৰত্যক্ষ নকৰিলে । ৬/২০২৩ নম্বৰ পি আই এলখনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ মন্ত্র্যালয় , বন আৰু জলবায়ু পৰিবৰ্তন , কেন্দ্রীয় চিৰিয়াখানা প্ৰাধিকৰণৰ অনুমোদনমর্মে ঘোং দুটা জামনগৰৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে । তদুপৰি অনুমোদন পত্ৰত কেতবোৰ চৰ্ত আৰোপ কৰি ঘোং দুটা প্ৰেৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে । অর্থাৎ সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমোদনমর্মে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটা ঘোং জামনগৰৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে । কর্তৃপক্ষৰ এনে প্ৰক্ৰিয়াত কোনো অনিয়ম হোৱা নাই বুলি মত আগবঢ়াই ন্যায়ালয়ে দুটা ঘোং প্ৰেৰণ প্ৰক্ৰিয়াত কোনো হস্তক্ষেপ নকৰিলে । মন কৰিবলগীয়া যে গুজৰাটৰ জামনগৰত থকা গ্রীনছ জুলজিকেল ৰেছকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ হৈছে আম্বানিৰ এখন ব্যক্তিগত চিৰিয়াখানা । এনে ব্যক্তিগত চিৰিয়াখানালৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ঘোং প্ৰেৰণ কৰাক লৈ গুৱাহাটীত বিশিষ্ট বুদ্ধিজীৱী , সচেতন নাগৰিক , আম আদমি পার্টিকে ধৰি অন্যান্য দল - সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ মাজতে কৌস্তভমণি কাকতি নামৰ ব্যক্তিজনে অসমৰ পৰা জীৱ - জন্তু ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰা প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই পি আই এলখন দাখিল কৰে । কিন্তু এই পি আই এলখনৰ ভিত্তিত উ ন্যায়ালয়ে সমগ্র প্রক্রিয়াত কোনো হস্তক্ষেপ নকৰিলে । অৱশ্যে ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰে যে জামনগৰ গ্ৰীনছ জুলজিকেল ৰেছকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰে অনুমোদন পত্ৰত থকা চৰ্ত মানি চলাৰ বাবে সকলো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । অসম চৰকাৰৰ মুখ্য বন্যপ্রাণী বার্ডেন আৰু প্ৰধান মুখ্য বন সংৰক্ষকে উক্ত চেণ্টাৰৰ সৈতে নিয়মীয়া যোগাযোগত থাকি অনুমোদন পত্ৰত থকা চর্তসমূহ যাতে মানি চলা হয় , সেয়া নিশ্চিত কৰিব লাগিব । ইপিনে অৰুণাচল প্ৰদেশৰ পৰা হাতী গুজৰাটৰ জামনগৰৰ ৰাধেকৃষ্ণ টেম্পল এলিফেন্ট ৱেলফেয়াৰ ট্ৰাষ্টলৈ প্ৰেৰণ কৰা প্ৰক্ৰিয়াকো পি আই এলখনৰ জৰিয়তে প্ৰত্যাহ্বান জনোৱা হৈছিল । উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অধ্যক্ষই হাতী হস্তান্তৰ কৰাৰ বাবে অনুমোদন দিয়ে তেন্তে সংশ্লিষ্ট মুখ্য বন্যপ্রাণী ৱার্ডেনে হাতীৰ হস্তান্তৰ সঠিকভাৱে হোৱাটো নিশ্চিত কৰিব । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ ক্ষেত্ৰত কোনো উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠনৰ নিৰ্দেশনা প্রদান নকৰিলে । ন্যায়ালয়ে পুনৰ কয় যে যদি অসম চৰকাৰে উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অংশ হ'ব বিচাৰে তেন্তে সেয়া চৰকাৰে কৰিব পাৰিব । এনেদৰে মন্তব্য আগবঢ়াই গুৱাহাটী উচ্চ ন্যায়ালয়ে অৰুণাচল প্রদেশৰ পৰা হাতী গুজৰাটৰ ৰাধেকৃষ্ণ ন্যাসলৈ প্ৰেৰণ কৰা বিষয়টো ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে বিবেচনা কৰি থকাৰ বাবেই পৰৱৰ্তী কোনো মতামত , পর্যবেক্ষণ আগবঢ়োৱাৰ  পৰা বিৰত থাকে । 

No comments