Breaking News

শ শ অট্টালিকা ধবংসস্তুপত পৰিণত হোৱা ভূঁইকঁপবিধ্বস্ত ছিৰিয়াত সদ্যোজাতকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰীৰ দলে



ডিজিটেল ডেস্ক: শ শ অট্টালিকা ধবংসস্তুপত পৰিণত হোৱা ভূঁইকঁপবিধ্বস্ত ছিৰিয়াত সদ্যোজাতকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰীৰ দলে ।  ছিৰিয়াৰ হোছাং হাছান নামৰ সাংবাদিকগৰাকীয়ে টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ'ত দেখা গৈছে দুগৰাকী উদ্বাৰকাৰীয়ে সদ্যোজাতকটিক ধ্বংসস্তূপৰ পৰা  তুলি অনাৰ দৃশ্য । সাংবাদিকগৰাকীয়ে লগতে লিখিছে ধ্বংসস্তূপৰ পৰা প্ৰসূতিগৰাকীক উদ্ধাৰ কৰাৰ সময়তে শিশুটিৰ জন্ম হৈছিল ।  টুইটাৰ বাৰ্তামতে ছিৰিয়াৰ আফৰিনত এই নবজাতকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰীৰ দলে । ছিৰিয়াৰ উত্তৰাঞ্চলত আফৰিন অৱস্থিত । একেদৰে ধ্বংসস্তূপত পৰিণত হোৱা আজাজ নামৰ ছিৰিয়াৰ চহৰখনতো এক উদ্ধাৰ অভিযানত শিশু কন্যাক  উদ্ধাৰ কৰিবলৈ সমর্থ হয় উদ্ধাৰকাৰীৰ দলে । শিশুটিৰ নাম ৰাঘাদ ইছমাইল । ২২ ঘণ্টাৰ পাচত শিশুটিক উদ্ধাৰ কৰা হয় যদিও ভূঁইউপত দুর্ভাগ্যক্রমে প্রাণ হেৰুৱালে দুই ভাতৃ - ভগ্নী আৰু মাতৃয়ে । 

No comments