Breaking News

নাক’ক নামাতিলে বন্ধ হ’ব কলেজ শিক্ষকৰ দৰমহা ‘

 

ডিজিটেল ডেস্ক: নাক’ক নামাতিলে বন্ধ হ’ব কলেজ শিক্ষকৰ দৰমহা ‘  নাক’ৰ মূল্যায়ণ অবিহনে শিক্ষক - কর্মচাৰীৰ দৰমহা কৰ্তন কলেজৰ কৰাৰ লগতে প্রয়োজন সাপেক্ষে দৰমহা বন্ধ কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ ঘোষণা...মহাবিদ্যালয়সমূহৰ সামগ্রিক বিকাশৰ মাপকাঠি নিৰ্ণয়ৰ কৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি সংস্থা চমুকৈ নাক..  মহাবিদ্যালয়সমূহে নিজৰ গুণগত মান নিৰূপণৰ বাবে প্রতি পাঁচ বছৰৰ ব্যৱধানত ' নাক'ক আমন্ত্রণ কৰিবলগীয়া হয় । নাকক আমন্ত্ৰণ মূল্যায়নৰ সৈতে শিক্ষাৰ মুল্যবোধৰ প্ৰশ্নটোও বিশেষভাৱে জড়িত আছে ।বিভিন্ন কাৰণত ৰাজ্যৰ মহাবিদ্যালয়ে নাক’ৰ মূল্যায়ণৰ বাবে আৱেদন জনোৱা নাছিল ।দীর্ঘদিন ধৰি বিল অদায় নিদিয়াৰ বাবে তিনিকুৰিৰো অধিক কলেজৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ হুংকাৰ দিছে এপিডিডিএলে ।সমাধানৰ পথ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ শেহতীয়া ঘোষণাই কলেজ শিক্ষক - কৰ্মচাৰীসকলৰ নিদ্ৰা হৰণ কৰিছে... তেজপুৰ মহকুমাৰে ওপৰত উল্লেখ কৰা নিয়মেৰে নকৈ প্ৰাদেশিকৃত এখন মহাবিদ্যালয়ৰ নিয়মীয়া শিক্ষকসকলে আনকি নাকক আমন্ত্ৰণৰ বাবে প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিবলগীয়া ‘ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ’ৰ সমন্বয়ক হ'বলৈও অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।  মহাবিদ্যালয় কর্তৃপক্ষ উপায়ন্তৰ হৈ এজন অপ্রদেশীকৃত পদৰ শিক্ষকৰ হাতত উক্ত বিভাগৰ সমন্বয়কৰ পদৰ দায়িত্ব অর্পণ কৰি মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ উত্তৰণৰ লগতে নাকক আমন্ত্ৰণৰ বাবে প্ৰস্তুতি চলাইছিল যদিও ইতিমধ্যে পদ নিয়মীয়া হোৱা তথাকথিত জ্যেষ্ঠ শিক্ষকৰ চৰ্ম অমনোযোগিতাৰ বাবে এইক্ষেত্ৰত ব্যর্থ হ'ব লগাত পৰে । কলেজ কর্তৃপক্ষই নিয়মীয়া শিক্ষকসকলৰ মাজৰ পৰা এজন সহযোগী সমন্বয়ক হোৱাতো বিচাৰিছিল যদিও তেওঁলোক এই দায়িত্বৰ পৰা হাত সাৰিছিল । কলেজৰ শৈক্ষিক মূল্যবোধৰ চেতনা , আভ্যন্তৰীণ বিকাশৰ হাৰ এনেদৰেই মন্থৰ গতিত চলি থাকিলহেঁতেন যদিহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাকক আমন্ত্ৰণ নকৰিলে কলেজ শিক্ষকৰ দৰমহা কৰ্তন কৰা হ’ব বুলি আদেশ জাৰি নকৰিলেহেঁতেন । মুখ্যমন্ত্ৰীজনাৰ আদেশত এতিয়া একাংশ মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকসকলৰ মাজত ‘ দৰমহা বচাও আন্দোলন’ৰ সূচনা হোৱা পৰিলক্ষিত হৈছে ।

No comments