জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~বাইশতম খণ্ড
মালবিকা শৰ্মা, ভুবনেশ্বৰ
আমি থকা এপাৰ্টমেন্টৰ পৰা প্ৰায় চাৰিশ মিটাৰ মান দূৰত্বত লগালগিকৈ আছে দুখন দোকান, এখন দৰ্জীৰ আৰু এখন ধোবাৰ। দুয়োখনেই আমাৰ বাবে দৰকাৰী। ঘৰৰ কামত সহায় কৰা মানুহজনীৰ মুখত দুয়োখন ওচৰতে থকা বুলি শুনি সকাহ পাইছিলোঁ। এদিন মা আৰু মই গৈ চাই আহিলো। ধোবাজন কম বয়সীয়া ল’ৰা, কাপোৰ ইষ্ট্ৰি কৰিবলৈ আছে বুলি ফোন কৰিলে আহি লৈও যায়, দিও যায়। দৰ্জীজনী মোতকৈ কিছু সৰু হ’ব। প্ৰথমদিনা আমি কথা কৈ থাকোতেই তাই ক’লে আমি বাংলা ভাষাত কথা ক’লেও হ’ব, তাই বুজি পাব। ইয়াৰে স্থানীয় মহিলাৰ দৰেই মংগলসূত্ৰ আৰু বেণীত গুজি থোৱা ফুলখিনি দেখি তাই কৰ্ণাটকী বুলিয়েই ভাবি আছিলোঁ। কথা প্ৰসংগত তাই ক’লে যে তাই কলিকতাৰ বেংগলী ছোৱালীহে, ইয়াৰে কান্নাড়াভাষী মানুহৰ সৈতে বিয়া হৈছে। ইয়াত দোকান দিছে যদিও ঘৰ উড়ুপীতহে, সদায় স্কুটিত অহা যোৱা কৰে।
প্ৰথম চিনাকীতে আমাৰ মাজত এটা ভাল সম্পৰ্ক আৰম্ভ হ’ল। লাহে লাহে চিলাই কৰিবলগীয়া কাম থাকিলে তাই আহি ঘৰৰ পৰাই লৈ যোৱা হ’ল। মায়েও তাইৰ লগত বাংলা ভাষাত কথা পাতিব পাৰি বৰকৈ সকাহ পোৱা হৈছে। তাই আহিলে মায়ে খুব ভাল পায়। তায়ো কথা কৈ খুব ভাল পোৱা বিধৰে। গতিকে অলপ সময়ৰ বাবে আহিলেও ওচৰে পাজৰে কি হ’ল, আমাক গোটেই খবৰবোৰ দি যায়। মোৰ হাতৰ চাহকাপ খাই তাই ভাল পাই বাবে অহাৰ লগেলগেই চাহকাপ বনাই খোৱাই পঠাও। তাৰ লগতে মাৰ নিৰ্দেশবোৰো থাকেই- অমুকটো আছে নহয়, তাইক খাবলৈ দে।
মাজতে এদিন আহি তাই নিজৰ ঘৰৰে বিয়া এখনৰ মিঠাই দি থৈ গ’ল। ইয়াত নিজৰ সম্পৰ্কীয় মানুহৰ মাজতে বিয়া বাৰু হোৱাটো একেবাৰে সাধাৰন কথা। তাই ঘৰতো তেনেই হ’ল, ঘৰৰ মানুহ ঘৰতেই থাকিল। এনে ধৰনৰ নীতি নিয়মবোৰ শুনিলে আমাৰ পিনৰ মানুহবোৰৰ কিছু আছৰিত লাগে যদিও ইয়াত এইবোৰ সৰু কথা। যিয়েই নহওক, বিয়াৰ মিঠাই খাবলৈ পাই মনেৰে ভালেই পালোঁ। তাইৰ পৰাই শুনি শুনি এই সমাজখনৰ বিষয়ে কিছু কথা জানিব পৰা হৈছো~
ইয়াৰে মানুহবোৰ অত্যন্ত ধাৰ্মিক হয় (যিটো আমি ইয়াত দেখি থাকো)। মানুহবোৰ মিতব্যয়ী অৰ্থাৎ খুব চিন্তা কৰিহে খৰচ পাতি কৰে। উৎসৱ-পাৰ্বণত কোনেও কাকো একো উপহাৰ নিদিয়ে। আমাৰ দৰে উৎসৱ হ’লে বাহিৰলৈ ওলাই গৈ আনৰ সৈতে আনন্দ কৰাতকৈ নিজৰ ঘৰতেই থাকি নীতি-নিয়ম পালন কৰি ভাল পায়। চিনাকী মানুহৰ ঘৰলৈ ফুৰিব যোৱা প্ৰথাটো নাই বুলিবই পাৰি। খুব দৰকাৰতহে আনৰ ঘৰত যোৱা হয়। যৌতুক প্ৰথা এতিয়াও আছে।
(আগলৈ)
No comments