Breaking News

নুমলীগড়ৰ দৈগ্ৰোঙত ভয়ংকৰ ডকাইতি কাণ্ড ৷

কালি নিশা নুমলীগড়ৰ দৈগ্ৰোঙত ভয়ংকৰ ডকাইতি কাণ্ড ৷ নিশা দুই বজাত পোৰাবঙলাৰ ব্যবসায়ী চাবৰমল আগৰৱালাৰ বাসগৃহত কেইবালাখ টকাৰ লগতে আ - অলংকাৰ লুটি লৈ যায় ৭ জনীয়া ডকাইটৰ দলে ৷ পৰিয়ালৰ সকলোকে হাত ভৰি বান্ধি মাৰনাস্ত্ৰ , পিষ্টল , লাঠি দেখুৱাই ধন সোনৰ লগতে ৭ টা মোবাইল লৈ যায় ডকাইটে ৷ চাবৰমলৰ পুত্ৰ বসন্ত আগৰৱালাই জনাই যে ডকাইতিত জড়িত কেইটাই সম্পুৰ্ণ মুখ বান্ধি অহাৰ লগতে  মিঞা ভাষাত কথা কোৱা বুলিও প্ৰকাশ কৰিছে ৷ নুমলীগড় আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই নুমলীগড়ৰ বৃহত্তৰ অঞ্চলত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ নুমলীগড় শোধনাগাৰ আৰু কাষৰীয়া অঞ্চলত বিভিন্ন নিৰ্মান কাৰ্যত নিয়োজিত সন্দেহজনক নাগৰিকে ভৰি পৰিছে ৷ আৰক্ষীয়ে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি দুস্কৃতিকাৰীয়ে ডকাইটি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে ওলাই যাবলৈ সক্ষম হৈছে ৷ ডকাইতৰ দল ওলাই যোৱাৰ লগে লগেই নুমলীগড় আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষীৰ বেহু ফালি ডকাইত আতৰি যোৱাটো ৰহস্যজনক হিচাপে বিবেচিত হৈছে ৷ 

No comments