Breaking News

মডেলিং নৃত্য আদিৰ যোগেদি জিলিকি উঠিছে দেৰগাঁৱৰ কিশোৰী প্ৰিয়াশী নাথ।

 

দেৰগাঁৱৰ এগৰাকী প্ৰতিভাধৰ কিশোৰী নাম প্ৰিয়াশী নাথ। দেৰগাঁও ৰয়েল একাডেমী জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰিক্ষাত অৱতীৰ্ণ হোৱা এই কিশোৰী গৰাকী নৃত্য তথা মডেলিংত জিলিকি পৰিছে।

 মডেলিং নৃত্য  আদিৰ  যোগেদি জিলিকি উঠিছে দেৰগাঁৱৰ  কিশোৰী প্ৰিয়াশী নাথ। প্ৰথম অৱস্থাত জিলা পৰ্যায়ত তাৰ পাছত ক্ৰমাগতভাৱে ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰিছে তেঁও ।প্ৰয়াত প্ৰতাপ নাথ আৰু সাংস্কৃতিক কৰ্মী জুলি বৰা নাথৰ  কন্যা প্ৰিয়াশী নাথে সৰুৰে পৰা মাক জুলি বৰা নাথৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণৰত হৈ নৃত্যৰ  ক্ষেত্ৰখনে আকৰ্ষিত কৰি আহিছিল। এতোয়া কিশোৰী গৰাকী নামি পৰিছে মডেলিংৰ ক্ষেত্ৰখনতো । প্ৰিয়াশী নাথৰ এই সফলতাই এতিয়া উৎফুল্লিত কৰি তুলিছে সমগ্ৰ অসমৰ লগতে দেৰগাঁও তথা পৰিয়ালবৰ্গক  । আমিও এই প্ৰতিভাধৰলৈ যা্ছিলো অলেখ অভিনন্দন।

No comments